অসম লাইভ ২৪ঃ ২০২০-এ বহুতৰ বাবে দুঃসংবাদ কঢ়িয়াই আনিলেও কিছু কিছু মানুহৰ বাবে আনিছে সুখবৰ। ৰাজ চক্ৰৱৰ্তী আৰু শুভশ্ৰী, চৈয়ফ আলী খান আৰু কৰিণা কাপুৰ খান, অনুষ্কা শৰ্মা-বিৰাট কোহলী এইসকলৰ ঘৰলৈ আহিব নতুন আলহী। বিগত ২৭ আগষ্টত এই সুখবৰ জনাইছিল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। তেওঁ ছ’চিয়েল মিডিয়াত সকলোকে জনালে যে অতি শীঘ্ৰেই তেওঁ পিতৃ হ’ব। আগন্তুক বছৰৰ জানুৱাৰী মাহত তেওঁলোকৰ সংসাৰলৈ আহিব নতুন অতিথি। তেওঁলোকৰ প্ৰথম সন্তানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকটে জগতৰ পৰা বলীউড ইণ্ড্ৰাষ্টীৰ লোকসকলে। আগন্তুক বছৰত তেওঁলোকৰ ঘৰলৈ পুত্ৰ সন্তান নে কন্যা সন্তানৰ আগমন ঘটিব? এই সন্দৰ্ভত ভৱিষ্যতবাণী কৰিলে বাংগালুৰুৰ এজন জ্যোতিষবিদে। জনপ্ৰিয় এষ্ট্ৰ’ল’জাৰ পণ্ডিত জগন্নাথ গুৰুজীয়ে বিৰাট আৰু অনুষ্কাৰ প্ৰথম সন্তানৰ বিষয়ে গণনা কৰিছে। তেওঁ গণনা কৰি কৈছে যে পুত্ৰ সন্তানে হওক বা কন্যা সন্তানেই হওক, দুয়োজনেই ঈশ্বৰৰ উপহাৰ। দুয়োজনেই সমান। কিন্তু এই চেলিব্ৰেটী দম্পত্তিৰ ঘৰ পোহৰাবলৈ আহিব সম্ভৱতঃ এক কন্যা সন্তান। এতিয়া কন্যা বা পুত্ৰ সন্তানে যিয়েও নহওক, যাতে সুস্থ হৈ স্বাভাৱিকভাৱে পৃথিৱীৰ পোহৰ দেখা পায়- সেয়াই কামনা প্ৰত্যেকগৰাকী অনুৰাগীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ