অসম লাইভ২৪ঃ নুনমাটি চেক্টৰ-৩ Indian Oil AOD ৰাজ্যিক কাৰ্যালয়ত বিশেষ সংবাদমেল৷ ভাৰতীয় তেলৰ নতুন পৰিকল্পনা আৰু বিকাশ সন্দৰ্ভতেই আয়োজন কৰা হৈছে এই সংবাদমেলৰ৷ সংবাদমেল সম্বোধন কৰে কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বী Shri G.Rameshএ৷ দেশৰ ভিতৰত মুঠ ১৯ টা AVIATION CENTER উত্তৰ পূবত আছে৷ তাৰেই অসমত আছে ৭ টা AVIATION CENTER.
ভাৰতীয় তেলে ১০০বছৰ সম্পূৰ্ণ হোৱাৰ আগতে সেউজ শক্তিৰ লক্ষ্য ‘নেট 0’ লৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ মেঘালয় আৰু মিজোৰামত প্ৰথমবাৰৰ বাবে DEPOT নিৰ্মাণ কৰা হ’ব। শ্বিলঙৰ উমিয়ামত BOTTLING PLANT স্থাপন কৰা হ’ব। বেটকুচি পাইপলাইনৰ সৈতে সংযোগ কৰা হ’ব৷ BPL শ্ৰেণীৰ বহুতৰে ঘৰে ঘৰে LPG গেছ চিলিণ্ডাৰৰ সংযোগ ১০৬ শতাংশ লৈ সম্পূৰ্ণ হৈছে। সেইয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰীৰ উজ্বলা আঁচনিৰ জৰিয়তে।
ৰেচন কাৰ্ড নথকা লোকে কিন্তু এই সুবিধা লাভ নকৰিব৷ বিগত বৰ্ষত LPG chotu গেছ চিলিণ্ডাৰ অসমত ১৩ হাজাৰ ৫০০ বিক্ৰী কৰা হৈছে৷ জুন-জুলাই মাহত প্ৰায় ১৪ হাজাৰ LPG গেছ সংযোগ কৰা হৈছে গ্ৰাম্যাঞ্চলত৷ LPG গেছ গ্ৰাম্যাঞ্চলৰ লোকক বিতৰণ বা সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৫ কিঃগ্ৰাঃ গেছ চিলিণ্ডাৰৰ মূল্য ৪২০ টকা, মুন্না গেছৰ মূল্য ২২০ টকা, ১০ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ মূল্য মুকলিৰ পাছতেই দাম নিৰ্ধাৰণ কৰা হ’ব৷
বাহনৰ ক্ষেত্ৰত পেট্ৰলৰ লগত ইথানল ১০বা২০ শতাংশ ব্যৱহাৰ কৰাক লৈ মত প্ৰকাশ কৰিলে ভাৰতীয় তেলৰ মুৰব্বীয়ে৷ উত্তৰ-পূবত পেট্ৰলৰ সৈতে ইথানল-১০ শতাংশ বহু আগতেই মুকলি কৰিছে৷ নতুন বাহন সমূহ সকলো E-10 আৰু E-20 ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। প্লাষ্টিক LPG চিলিণ্ডাৰসমূহো বজাৰত মুকলি কৰা হৈছে৷ চিলিণ্ডাৰ বিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত IOCLয়ে নিৰ্মাণ কৰিছে এনে সমূহ চিলিণ্ডাৰ৷ পুৰণি লোহাৰ চিলিণ্ডাৰত কৈ বহু গুণে সুৰক্ষিত হ’ব প্লাষ্টিক চিলিণ্ডাৰসমূহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ