অসম লাইভ ২৪ঃ এটা ভাল খবৰ জনাইছে অট’মোবাইল প্ৰাইভেট লিমিটেডে। সাধাৰণ মানুহৰ বাবে বজাৰলৈ অট’মোবাইল প্ৰাইভেট লিমিটেডে আনিছে ই-বাইক। এই বাইক অহাৰ লগে লগে সাধাৰণ মানুহে কম টকা খৰচ কৰি বেছি দূৰ যাব পাৰিব। এই নতুন বাইকৰ নাম ‘অ’টম-১.০’। আত্মনির্ভৰশীল দেশৰ কথা চিন্তা কৰি দেশীয় প্ৰযুক্তিৰে তৈয়াৰ কৰা হ’ব এই ই-বাইক। লিথিয়াম আয়ন বেটাৰীৰ দ্বাৰা চালিত হ’ব এই ই-বাইক। এই বেটাৰী চার্জ হ’বলৈ সময় লাগিব মাত্ৰ ৪ ঘণ্টা। এই ই-বাইক হ’ল ল’-স্পীড বাইক। ঘণ্টাত ২৫ কিলোমিটাৰ পর্যন্ত এই বাইক দৌৰিব। সেই বাবে এই বাইকক ল’-স্পীড বাইক হিচাপে জনা গৈছে। সহজে চাইকেলৰ দৰে লাইচেন্সবিহীনভাৱে চলাব পাৰিব এই ই-বাইক। এবাৰ ফুল চার্জ দিলে এই বাইক চলিব ১০০ কিলোমিটাৰ পর্যন্ত। মাত্ৰ ১ ইউনিট বিদ্যুৎ খৰচ কৰি এই বেটাৰী চার্জ কৰিব পাৰিব। ৭ৰ পৰা ১০ টকা খৰচ কৰি ১০০ কিলোমিটাৰ চলাব পাৰিব আপুনি। স্বাভাৱিকভাৱে এই বাইকত আন বাইকৰ দৰে আছে বিভিন্ন সুবিধা। টায়াৰ, এলইডি লাইট, বেটাৰী। যাৰ ওজন মাত্ৰ ৬ কেজি। আৰু এই বাইকৰ দাম হ’ব ৫০ হাজাৰ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ