অসম লাইভ২৪ঃ অভিনেত্ৰী ৰিম্পী দাসৰ বিয়া৷ কিছুদিন দেৰীকৈয়ে হ’লেও সাতোজনমলৈ একেলগে থকাৰ সংগীজনক বিচাৰি পালে অভিনেত্ৰী ৰিম্পীয়ে৷ ৰিম্পীয়ে কইনাভাত খাবলৈ যোৱাৰ এটা ৰীল ভাইৰেল হৈ পৰাৰ পাছতেই বহুতৰে মনত প্ৰশ্ন আছিল ৰিম্পীৰ মনৰ মানুহজন কোন? এই সকলোবোৰ কৌতুহলৰ উত্তৰ ৰিম্পীয়ে নিজেই দিছে৷
ৰিম্পীৰ মনৰ মানুহজনৰ নাম বিনয়। উপাধি তালুকদাৰ। ইতিমধ্যে সামাজিক মাধ্যমত বিনয়ৰ প্ৰফাইলতো দেখা গৈছে ৰিম্পী দাসৰ ফটো৷ ৩৮ বছৰীয়া ৰিম্পীৰ বিয়াৰ খবৰ ভাইৰেল হোৱাৰ পাছতে এতিয়া সকলোৰে আগ্ৰহৰ বিষয় হৈ পৰিছে, বিনয় তালুকদাৰ কোন? বিনয় তালুকদাৰ পেছাত এগৰাকী উদ্যোগী। গুৱাহাটীৰ বাসিন্দা বিনয়ে গুৱাহাটীতেই পঢ়াশুনাও কৰিছিল৷
https://www.instagram.com/reel/CrijDwjNIMX/?utm_source=ig_web_copy_link
এই সূত্ৰমতে বিনয় তালুকদাৰৰ সৈতে ৰিম্পীৰ প্ৰেম দীৰ্ঘদিনীয়া। কিন্তু লোকচক্ষুৰ পৰা আৰঁত ৰাখিছিল তেওঁলোকৰ সম্পৰ্ক। শেহতীয়াকৈ বিনয় তালুকদাৰে ৰিম্পী আৰু নিজৰ এখন ফটো ইষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ লগতে দিছে বিশেষ কেপশ্ব্যনো, ‘অচিৰেই আমি এক হম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ