কাশ্মীৰী পণ্ডিত হত্যা সন্দৰ্ভত অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য।
যন্তৰ-মন্তৰত আয়োজিত ‘জন আক্ৰোশ’ ৰেলীত অংশগ্ৰহণ কৰি কেজৰিৱালে কয়- ‘কাশ্মীৰত পুনৰ উভতি আহিছে ৯০ দশকৰ পৰিৱেশ।’
কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰি এই হত্যাযজ্ঞ বন্ধ কৰিবলৈ দাবী জনায় কেজৰিৱালে। লগতে তেওঁ কয়- ‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, তেওঁলোকে কেৱল লেতেৰা ৰাজনীতিহে কৰিব জানে।’
কাশ্মীৰক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰে কেজৰিৱালে। কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবে কাশ্মীৰী পণ্ডিতসকলে পুনৰ কাশ্মীৰ উপত্যকা এৰি যাবলৈ বাধ্য হৈছে বুলিও অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কাশ্মীৰত হিন্দু আৰু অনাকাশ্মীৰী লোকক টাৰ্গেট কৰি হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে।
২ জুনৰ দিনটোতো দুজনকৈ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে।
বিগত কিছুদিন ধৰি কাশ্মীৰ উপত্যকাত সংঘটিত এইসমূহ হত্যাকাণ্ডই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ