• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

4 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

8 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

8 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

9 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

10 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

11 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

12 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

13 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

13 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

14 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

editor by editor
June 6, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইছলাম ধৰ্মাৱলম্বীৰ পগয়ম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিন্দিত আৰু গৰিহণাৰ সন্মখীন হোৱাৰ পিছতে বিজেপি নেত্ৰী নূপুৰ শৰ্মাক দলৰ পৰাও নিলম্বিত কৰা হৈছে৷

বিজেপিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক তাৎক্ষণিকভাৱে দলৰ পৰা নিলম্বন কৰাৰ লগতে প্ৰাথমিক সদস্যৰ পদৰ পৰাও বহিষ্কাৰ কৰিছে৷

দেওবাৰে বিজেপি দলৰ পৰা নিলম্বিত কৰা লগতে বিতৰ্কিত নেত্ৰীগৰাকীলৈ বিজেপিৰ অনুশাসন কমিটিৰ প্ৰেৰণ কৰা এক পত্ৰত কোৱা হৈছে যে ‘‘বিভিন্ন সময়ত দলৰ স্থিতিৰ বিপৰীতে মন্তব্য কৰা আৰু স্পষ্টভাৱে সংবিধান উলংঘা কৰাৰ বাবে আপোনাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমকি সদস্যৰ পদ খাৰিজ কৰাৰ লগতে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷’’ পত্ৰখনত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে৷

 

লগতে পঢ়ক ‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

ইফালে নবী হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পিছত দলটোৱে দিল্লীৰ মিডিয়া মুৰব্বী নবীন কুমাৰ জিন্দালকো বহিষ্কাৰ কৰে।

প্ৰায় ১০ দিনৰ পূৰ্বে ভাৰতৰ এটা বৈদ্যুতিন সংবাদ চেনেলত পয়গম্বৰ হজৰত মহম্মদক অপমান কৰি আপত্তিজনক মন্তব্য কৰাৰ পিছতে বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশে তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷

মধ্যপ্ৰাচ্যৰ কে’বাখনো ৰাষ্ট্ৰই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ কেৱল নূপুৰ শৰ্মাক নিন্দা বা গৰিহণা দিয়াতে ক্ষান্ত হৈ থকা নাই, বহুকেইখন ৰাষ্ট্ৰই ভাৰতীয় ৰাষ্ট্ৰদূতক তলৱ কৰি বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে৷

 

লগতে পঢ়ক ১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

সোমবাৰে ছৌদি আৰবে হজৰত মহম্মদৰ বিৰুদ্ধে নূপুৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক গৰিহণা দিয়াৰ লগতে নিন্দা প্ৰকাশ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে এক টুইট কৰি কয়, ‘‘ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মুখপাত্ৰই নবী হজৰত মহম্মদ অপমান কৰি দিয়া বক্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে নিন্দা কৰিছো৷ শান্তিৰ প্ৰতীক হজৰত মহম্মদ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ শিকক৷’’

মন্ত্ৰালয়ে যিকোনো ইছলামিক প্ৰতীকৰ বিৰুদ্ধে ‘পক্ষপাতিত্বক স্থায়ীভাৱে প্ৰত্যাখ্যান’ কৰি ধৰ্ম আৰু বিশ্বাসৰ প্ৰতি সন্মানৰ জনাবলৈ সকলোকে আহ্বান জনাই নিজৰ স্থিতি পুনৰবাৰ স্পষ্টকৈ প্ৰকাশ কৰিছে।

ইফালে দেশখনৰ বৈদেশিক মন্ত্ৰাণলয়ে বিজেপিয়ে দলৰ পৰা মুখপাত্ৰগৰাকীক নিলম্বন কৰা কাৰ্যক আদৰণি জনাইছে৷

 

লগতে পঢ়ক পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

মধ্য প্ৰাচ্যৰ আন তিনি দেশ ক্ৰমে কুৱেইট, কাটাৰ আৰু ইৰাণেও হজৰত মহম্মদক অপমান কৰা বিষয়টোৱে কূটনৈতিক বিবাদৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰি ইয়াৰ নিষ্পত্তি কৰিবলৈ দেশকেইখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূতসকলক তলৱ কৰে৷

কাটাৰস্থিত ভাৰতীয় দূতাবাসৰ মুখপাত্ৰই বিষয়টোক নিষ্পত্তি কৰিবলৈ দেওবাৰে এক টুইট কৰিবলৈ বাধ্য হয়৷ ভাৰতীয় দূতাবাসৰ মুখপাত্ৰই কয়, ‘‘উক্ত নিৰ্দিষ্ট বক্তব্যই ভাৰত চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে।’’

ইৰাণেও বিবদমান বিষয়টোক লৈ দেশখনৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তলৱ কৰি ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷

উল্লেখ্য যে অহা সপ্তাহত ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰথমবাৰৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰাৰ কথা৷ ইয়াৰ পূৰ্বে ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেহৰাণত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীক ‘ভাৰতীয় টিভি শ্ব’ত ইছলামৰ নবীৰ বিৰুদ্ধে অপমান কৰা’ বুলি অভিহিত কৰা বিষয়টোৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷

 

লগতে পঢ়ক বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

কোন এই নূপুৰ শৰ্মা?

দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক আৰু বিশ্ববিদ্যালয়খনৰ আইন অনুষদৰ পৰা এলএলবি ডিগ্ৰী লাভ কৰাৰ পিছতে লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰাও আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৩৭ বছৰীয়া নূপুৰ শৰ্মাৰ ছাত্ৰ জীৱনৰে পৰা ৰাজনীতিৰে জড়িত।

ছাত্ৰী অৱস্থাৰে পৰা ৰাজনীতি আৰম্ভ কৰা নূপুৰে ২০০৮ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী পদত জয়ী হৈছিল। ইয়াৰ পাছতে তেওঁ ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ আহ্বায়ক তথা এতিয়াৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি ৩১,৫৮৩ টা ভোটত পৰাজিত হৈছিল৷

পৰৱৰ্তী সময়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেত্ৰী হিচাপে পৰিগণিত হোৱা শৰ্মাই দলটোত যুৱ শাখাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, দিল্লী ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আদি কেইবাটাও পদত অধিষ্ঠিত হয়। ২০১৭ চনত দিল্লীৰ ৰাজ্যিক বিজেপিৰ মুৰব্বী মনোজ তিৱাৰীয়ে নূপুৰ শৰ্মাক দিল্লী বিজেপিৰ মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰে।

 

লগতে পঢ়ক কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

আনহাতে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত জে পি নাড্ডাই নূপুৰ শৰ্মাক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে বাছনি কৰি নিযুক্তি দিয়ে৷ তেতিয়াৰে পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত নূপুৰ শৰ্মাই বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি অহা পৰিলক্ষিত হয়৷

আনহাতে, প্ৰায় ১০ দিন পূৰ্বে পুনৰ টিভি শ্ব’ত বিতৰ্কিত মন্তব্য কৰি নূপুৰ শৰ্মাই এইবাৰ দেশৰ ৰাজনীতিতে নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো জোকাৰণি তোলে। যাৰফলত বিতৰ্কিত নেত্ৰীগৰাকীক ভাৰতীয় জনতা পাৰ্টিয়ে দলৰ প্ৰাথমিক সদস্যৰ পদ খাৰিজ কৰি নিলম্বনো কৰিছে।

ইফালে দলৰ পৰা নিলম্বিত হোৱাৰ পিছতে বিতৰ্কিত নেত্ৰীগৰাকীয়ে টুইটাৰত টুইট কৰি নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰি কয় যে ‘কাৰো ধৰ্মীয় অনুভূতিত আঘাত দিয়াটো তেওঁৰ উদ্দেশ্য নাছিল।’

 

লগতে পঢ়ক গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

বিতৰ্কিত নেত্ৰী নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যই কেৱল মধ্যপ্ৰাচ্যৰ দেশসমূহতে নহয় বহু মুছলমান সংগঠনে কঠোৰ ভাষাৰে নিন্দা কৰি প্ৰতিবাদ কৰিছে।

ইফালে, নূপুৰ শৰ্মাই ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত মহাৰাষ্ট্ৰৰ পুনেত বিতৰ্কিত নেত্ৰীগৰাকীৰ বিৰুদ্ধে ১ জুনত গোচৰ ৰুজু কৰাও হৈছে। পুনে পৌৰ নিগমৰ প্ৰাক্তন ক’ৰ্পৰেটৰ আব্দুল গাফুৰ পাঠানে দাখিল কৰা এজাহাৰৰ ভিত্তিত কোন্ধৱা আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ। শৰ্মাৰ বিৰুদ্ধেও মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছিল।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpiranKuaiteNupur SarmaQatarsaudi arab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ
বিশ্ব

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

July 4, 2026
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

July 4, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
Next Post
পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে...

চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.