• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

4 years ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

52 minutes ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

58 minutes ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

2 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

3 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

4 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

16 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

17 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

17 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

18 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

19 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

19 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

বিদ্যাছিং ইংলেঙলৈ বিজেপিৰ মন্ত্ৰিত্ব!

editor by editor
June 4, 2022
in অসম, ৰাজনীতি
0
বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাস দাসঃ ২০২১ চনত অসমত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত কাৰ্বি জনগোষ্ঠীৰ পৰা এগৰাকী নেতা মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত হৈছিল৷ আৰু সেই সময় এতিয়া সমাগত৷ খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘনিষ্ঠ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি মন্ত্ৰীসভাত নতুনকৈ স্থান পাবলগীয়া নেতাসকলৰ ভিতৰত অন্যতম হৈছে বিদ্যাছিং ইংলেং৷ ডিফু বিধানসভা সমষ্টিৰ পৰা তেওঁ চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে৷

উল্লেখযোগ্য যে কাৰ্বি আংলঙত এইগৰাকী নেতাৰ সাংগঠনিক আৰু ৰাজনৈতিক প্ৰভাৱ অনস্বীকাৰ্য৷ অৱশ্যে, এইগৰাকী ৰাজনীতিকে তেওঁৰ ৰাজনৈতিক জীৱন কংগ্ৰেছ দলতহে আৰম্ভ কৰিছিল৷ ২০০১ চনত পোনপ্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০০৬ আৰু ২০১১ত একেৰাহে কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে অসম বিধানসভাত আছিল বিদ্যাছিং ইংলেং৷ ২০১৬ চনতো তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাইছিল যদিও ডিফু বিধানসভা সমষ্টিত পৰাজিত হৈছিল৷

উল্লেখযোগ্য যে অসমৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত বিজেপি দলৰ ৰাজনৈতিক আৰু সাংগঠনিক শক্তি ২০১৬ পৰ্যন্ত যথেষ্ট দুৰ্বল আছিল৷ কাৰ্বি আংলঙো ইয়াৰ ব্যতিক্ৰম নহয়৷ কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিজেপি দললৈ অহাৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হিন্দুত্ববাদী ৰাজনীতিৰ নতুন সমীকৰণ আৰম্ভ হয়৷

 

লগতে পঢ়ক গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

কাৰ্বি আংলঙত এসময়ৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা বিদ্যাছিং ইংলেং আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতা অসমৰ ৰাজনীতিত নতুন নহয়৷ মুখ্যমন্ত্ৰীগৰাকীৰ উদ্যোগতে বিদ্যাছিং ইংলেঙে বিজেপি দলত যোগদান কৰিছিল৷ কাৰ্বি আংলঙত বিজেপিৰ সাগংঠনিক আৰু ৰাজনৈতিক স্থিতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত বিদ্যাছিং ইংলেঙৰ ভূমিকাক গেৰুৱা বাহিনীটোৱে কেতিয়াও নুই কৰিব নোৱাৰে৷ একে সময়তে বিজেপিৰ মন্ত্ৰীসভাত কাৰ্বি জনগোষ্ঠীৰ লোক উপেক্ষিত হোৱা বুলিও rss আৰু বিজেপিৰ নেতৃত্বক সমালোচনাৰ লক্ষ্য কৰি লৈছিল বিৰোধী শিবিৰৰ ৰথী-মহাৰথীয়ে৷ আনকি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনতো বহুকেইটা পৰিষদীয় সমষ্টিত এই বিষয়টোক লৈ বিজেপি নেতৃত্বক সমালোচনা কৰাৰ সুযোগ পাইছিল প্ৰধান বিৰোধী দল কংগ্ৰেছে৷

এই সমস্ত ৰাজনৈতিক পৰিক্ৰমাৰ মাজত হঠাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ওচৰত ঘোষণা কৰে যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে সম্প্ৰসাৰণ কৰা হ’ব মন্ত্ৰীসভাৰ৷ তাৰ পাছত আৰম্ভ হয় ৰাজনৈতিক সমীকৰণ আৰু জল্পনা-কল্পনাৰ৷ কাৰ্বি আংলঙৰ লগতে btrৰ বহুকেইগৰাকী নেতয়ো মন্ত্ৰীসভাত স্থান লাভৰ বাবে নিজ নিজ পৰ্যায়ত কৌশল ৰচনা কৰে৷ rssৰ মজিয়াতো বিষয়টো আলোচনা হয়৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘনিষ্ঠ সূত্ৰই লগতে ইয়াকো দাবী কৰে কাৰ্বি আংলং জিলাত অৰ্থাৎ কাৰ্বি পাহাৰত বিজেপিৰ সাংগঠনিক শক্তি মজবুত কৰিবলৈ বিদ্যাছিং ইংলেঙৰ প্ৰয়োজনীয়তা সৰ্বাধিক বুলি বিজেপিৰ ভিতৰচ’ৰাত চৰ্চিত হয়৷ নেতাগৰাকীক মন্ত্ৰীসভাত স্থান দিয়া সম্পৰ্কত rssৰ পৰা সেউজ সংকেত লাভ কৰা বুলিও জানিব পৰা হৈছে৷ আৰু সেইবাবে যদি বিশেষ ৰাজনৈতিক পৰিঘটনা সংঘটিত নহয় তেন্তে বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত এইগৰাকী নেতাই স্থান লাভ কৰাটো প্ৰায় নিশ্চিত৷

 

লগতে পঢ়ক একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

বিদ্যাছিং ইংলেং মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাছত হয়তো কাৰ্বি পাহাৰতো বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি অধিক প্ৰবল আৰু সৰ্বমুখী হৈ উঠিব৷ কিয়নো এই লক্ষ্যৰে জ্যেষ্ঠ কাৰ্বি নেতাগৰাকীক মন্ত্ৰীসভাত স্থান দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি অহা ১০ জুনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত বিদ্যাছিং ইংলেঙে মন্ত্ৰিত্বৰ শপত লোৱাৰ সম্ভাৱনা স্পষ্ট হৈ উঠিছে৷ অৱশ্যে ইয়াৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া হয়তো বিশেষভাৱে লক্ষণীয়ও হ’ব পাৰে৷ কিয়নো কাৰ্বি পাহাৰৰ ৰাজনীতিৰ লগত বিজেপিৰ ৰাজনৈতিক সমীকৰণ কিমান প্ৰভাৱশালী হ’ব তাক লৈ খোদ বিজেপিৰ নেতৃত্বয়ো নিশ্চিত নহয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?
ভাৰত

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
Next Post
পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

১৮ বছৰ পিছত দৃশ্যমান হ'ব বিৰল মহাজাগতিক পৰিঘটনা !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.