আকাশত সচৰাচৰ কিছুমান আশ্চৰ্যকৰ পৰিঘটনা পৰিলক্ষিত হয় । জ্যোতিষশাস্ত্ৰৰ দৃষ্টিত, এই ঘটনাবোৰৰ প্ৰভাৱ যিয়েই নহওঁক, কিন্তু দৰ্শকৰ বাবে এই বিৰল দৃশ্যবোৰ সদায়েই আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
এইবাৰ জুন মাহত আকাশত এনেকুৱাই এক মহাজাগতিক পৰিঘটনা দৃশ্যমান হ’ব ।
দৰাচলতে, জুন মাহত বিশ্ববাসীয়ে বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি, শনি গ্ৰহবোৰ একেলগে চাব পাৰিব।
এই বিৰল দৃশ্যটো ১৮ বছৰ আগতে ২০০৪ চনত পৃথিৱীত দেখা গৈছিল আৰু এই পাঁচটা গ্ৰহ একেলগে আকাশত দৃশ্যমান হৈছিল ।
১৮ বছৰৰ পিছত ২০২২ বৰ্ষৰ ২৪ জুনত পাঁচটা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি জুন মাহত এটা ক্ৰমত থাকিব, যাক ৰাতিপুৱা এটা ক্ৰমত দেখিবলৈ পোৱা যাব ।
২০২২ বৰ্ষৰ পিছত আৰু অহা ২০৪০ চনত এই মহাজাগতিক পৰিঘটনা পৰিলক্ষিত হ’ব।
২৪ জুনৰ এই দৃশ্য অতিকৈ আকৰ্ষণীয় হ’ব। ইতিমধ্যে এই সন্দৰ্ভত বৈজ্ঞানিক সকলে নিজৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে ।
সূৰ্য্যোদয়ৰ প্ৰায় 30 মিনিট পূৰ্বে এই বিৰল দৃশ্য দেখিবলৈ পোৱা যাব ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ