গোৱা দেশৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম আকৰ্ষণীয় ঠাই। অৱসৰ বিনোদনৰ বাবে বহুতৰেই প্ৰথম পচন্দৰ ঠাই গোৱা। গোৱাৰ বিভিন্ন উপকূলৰ সামগ্ৰিক ব্যৱস্থাপনা নিশ্চিত কৰাৰ লক্ষ্যৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই মুকলি কৰিলে এটা নতুন এপ। এই এপটোৰ নাম ‘বিচ ভিজিল এপ’।
এই এপটো মুকলি কৰি মুখ্যমন্ত্ৰী সাৱন্তই কয়, ‘‘এই ‘বিচ ভিজিল এপ’এ বিচ পৰ্যটন খণ্ডত কাম কৰা প্ৰতিষ্ঠান আৰু পৰ্যটকসকলক উপকৃত কৰিব। পৰ্যটন খণ্ডৰ সৈতে তথ্য প্ৰযুক্তিৰ সহযোগিতাই ভৱিষ্যতে বহু পথ মুকলি কৰিব।’’
তেওঁ লগতে কয়, ‘‘এয়া পৰ্যটন আৰু সুৰক্ষাৰ বিকাশৰ এক সৰ্বাংগীন আৰু সামূহিক প্ৰচেষ্টা।’’
লগতে পঢ়ক সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?
উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খাউণ্টে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয়, “বিচ ভিজিল এপ সৃষ্টিৰ জৰিয়তে কৰ্মীসকলে আৰক্ষী আৰু অন্যান্য অংশীদাৰসকলে পৰ্যটকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ইছ্যু উত্থাপন কৰিব পাৰে। চৰকাৰ সম্প্ৰতি উপকূলসমূহৰ চাফাইৰ বাবে এক সংহত পৰিকল্পনা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছে।’’
তেওঁ লগতে আৰু কয়, ‘‘বিচ ভিজিল এপে অবৈধ হকাৰৰ ৰিপৰ্ট আৰু অবৈধ মালিচ সেৱাৰ পৰা আৰম্ভ কৰি উপকূলসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতালৈকে সকলো সামৰি ল’ব।’’
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই নতুনকৈ পঞ্জীয়ন কৰা ষ্টাৰ্ট-আপসমূহক প্ৰমাণ পত্ৰ বিতৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ