অসম লাইভ২৪ঃ ‘মই ভাবিছিলো, বিজেপি চৰকাৰে মুছলমানক একো সন্মান নিদিয়ে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোৰ এই ধাৰণাক ভুল প্ৰমাণিত কৰিলে।’ পদ্মশ্ৰী সন্মান লাভ কৰা ৰছিদ আহমেদ কদৰীৰ ভাষ্য এয়া।
কৰ্ণাটকৰ বিদুৰ জিলাৰ এগৰাকী হস্তশিল্পী আদমেদ কাদৰীৰ। ১৯৫৫ চনৰ ৫ জুনত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা কাদৰিয়ে সৰুৰে পৰা পিতৃৰ লগত প্ৰত্যক্ষ কৰিছিল হস্ততাত নিৰ্মিত বিভিন্ন কাৰুশিল্প। লাহে লাহে পিতৃৰ এইপ্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈ কাদৰিও জড়িত হৈ পৰিছিল কাৰু শিল্পৰ লগত। লাহে লাহে তেঁওৰ সৃষ্টি পৰিচিত হৈ পৰিছিল বিদুৰৰ বিভিন্ন প্ৰান্তত। বিদুৰৰ এই শিল্পক দেশবাসীৰ আগত চিনাকী কৰি দিলে শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে। নিজৰ একাগ্ৰতা আৰু প্ৰতিভাৰ বাবে ২০২৩ বৰ্ষত দেশৰ সন্মানীয় বঁটা সমূহৰ অন্যতম পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ল শ্বাহ ৰছিদ আহমেদ কাদৰীক।
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে বিশিষ্ট কাৰুশিল্পী গৰাকীয়ে। অনুষ্ঠানৰ অন্তত প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, ‘UPA চৰকাৰৰ দিনত ৫ বছৰ ধৰি মই কোনো সন্মান নাপালো। ইয়াৰ পিছত মই নিৰাশ হৈ গ’লো। কিয়নো বিজেপি চৰকাৰে আমাক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাক ভুল প্ৰমাণিত কৰিলে। আপুনি মোক এই সন্মানৰ যোগ্য বুলি ভবাৰ কাৰণে বহুত বহুত ধন্যবাদ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ