অসম লাইভ ২৪ঃ ছিৰিমাভ’ বনদৰানাইকে হ’ল বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। ১৯১৬ চনত জন্মগ্ৰহণ কৰা ছিৰিমাভ’ ১৯৬০ চনত বিশ্বৰ প্ৰথমগৰাকী মহিলা মুৰব্বী হৈছিল। শ্ৰীলংকাত স্বামীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছলমোন বনদৰানাইকেৰ মৃত্যুৰ পিছত ১৯৫৯ চনত পত্নী ছিৰিমাভ’ই স্বামীৰ স্থান পূৰাবলৈ ৰাজনীতিৰ পথাৰত নামিছিল। পৰৱৰ্তী সময়ত ১৯৬০ চনৰ নিৰ্বাচনত ৰাইজে বিশাল ভোটেৰে জয়যুক্ত কৰি ছিৰিমাভ’ক বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে স্বীকৃতি দিয়ে। ছিৰিমাভ’ৰ কন্যা সুনেথাৰা বনদৰানাইকেই মাতৃৰ বিশাল ব্যক্তিত্বৰ বিষয়ে বিশ্লেষণ কৰি ‘নাৰী যে আগৰে পৰা সৱলী’ আছিল তাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। পৰৱৰ্তী সময়ত ছিৰিমাভ’ৰ ডাঙৰ কন্যা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছিৰিমাভ’ বনদৰানাইকেৰ ২০০০ চনত ৮৪ বছৰ বসয়ত মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ