অসম লাইভ২৪ঃ
বঙাইগাঁৱৰ পিছত এইবাৰ গোৱালপাৰাত নিষিদ্ধ হ’ল কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।
অবিভক্ত গোৱালাপাৰাত জুবিন গাৰ্গক কোনো অনুষ্ঠান পৰিবেশন কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ GCLOৰ।
গোৱালপাৰাত কণ্ঠশিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিলে অঘটন ঘটোৱাৰো হুংকাৰ সংগঠনটোৰ।
এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি জুবিন গাৰ্গক এই সকিয়নী প্ৰদান কৰিছে GCLOৰ সভাপতি নিৰ্মল ৰয়ে।
কোচ-ৰাজবংশীৰ আৱেগত আঘাত কৰি মন্তব্য দিয়াৰ বাবেই বঙাইগাঁৱত পূৰ্বে নিষিদ্ধ কৰা হৈছিল জুবিন গাৰ্গক।
২ ব’হাগত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰিবলৈও সঁকিয়াই দিছে কোচ-ৰাজবংশী সংগঠনটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ