অসম লাইভ ২৪ঃ উত্তৰ পশ্চিম ব্ৰিটেইনৰ হানহাছ চহৰৰ ইষ্ট ব্ৰিষ্টল নিলাম সংস্থাৰ হাতত পৰিছে গান্ধীজী ব্যৱহৃত সোণৰ এযোৰ চছমা। শীঘ্ৰেই চছমাযোৰ নিলাম কৰাৰ ব্যৱস্থা কৰিছে ইষ্ট ব্ৰিষ্টল কৰ্তৃপক্ষই। নিলাম সংস্থাৰ দাবী এজন ব্যৱসায়ীৰ পৰা দেওবাৰে গান্ধীজী ব্যৱহৃত পুনৰ চছমাযোৰ লাভ কৰিছে তেওঁলোকে। যাৰ বজাৰ মূল্য আনুমানিক ১০ৰ পৰা ১৫ হাজাৰ পাউণ্ড, ভাৰতীয় মূল্য ১০ৰ পৰা ১৫ লাখ টকা হ’ব। ইষ্ট ব্ৰিষ্টলৰ মালিক এণ্ডিষ্টেয়ে জনাইছে তেওঁলোকৰ সংস্থাৰ লেটাৰ বক্সত কোনোৱে এটা খামত মেৰিয়াই চছমাযোৰ থৈ গৈছে। চছমাযোৰৰ লগত উদ্ধাৰ হৈছে এখন চিঠি। চিঠিত চছমাযোৰৰ সম্বন্ধে প্ৰয়োজনীয় তথ্য লিখা আছে। চিঠিখনৰ জৰিয়তে জনা গৈছে যে ইংলেণ্ডৰ কোনো এজন ব্যৱসায়ীৰ পৰা এই চছমাযোৰ নিলাম সংস্থাৰ হাতত তুলি দিয়া হৈছে। গান্ধীজীয়ে স্বয়ং এই চছমাযোৰ তেওঁৰ পূৰ্বপুৰুষক প্ৰদান কৰি গৈছে। ব্যৱসায়ীগৰাকীয়ে তেওঁৰ পিতৃৰ পৰা জানিব পাৰিছিল যে তেওঁৰ ককাকে ১৯১০ৰ পৰা ১৯৩০ চনলৈকে ছাউথ আফ্ৰিকাত বসবাস কৰিছিল। সেই সময়তে মহাত্মা গান্ধীৰ সৈতে তেওঁৰ পৰিচয় হয়। আৰু গান্ধীজীয়ে উপহাৰ স্বৰূপে তেওঁক এই চছমাযোৰ প্ৰদান কৰে। চিঠিখনৰ তথ্য সম্পূৰ্ণভাৱে বিশ্বাস কৰিছে নিলাম সংস্থাই। কাৰণ গান্ধীজীৰ জীৱনৰ পৰা জানিব পৰা যায় ইয়াৰ আগতেও গান্ধীজীয়ে বহু পৰিচিত ব্যক্তিক নিজৰ ব্যৱহৃত সামগ্ৰী উপহাৰ দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ