অসম লাইভ ২৪ঃ প্ৰবীণ ব্যক্তিসকলৰ বাবে বিশেষ পদক্ষেপ। বয়স বৃদ্ধিৰ লগে লগে মানুহৰ মনত ৰখাৰ ক্ষমতা কমি যায়। মনৰ স্বাভাৱিক আনন্দ কিছু হ’লেও কমি যায়। এনে অৱস্থাত অধিকাংশই ভোগে আত্মবিশ্বাসৰ অভাৱত। বয়স্ক ব্যক্তিক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ নতুন উদ্যোগ গ্ৰহণ কৰিছে হায়দৰাবাদ চৰকাৰে। মিৰাপুৰত নিৰ্মাণ হৈছে এক অভিনৱ মাল্টি জেনেৰেচন পাৰ্ক ‘মেম’ৰী গাৰ্ডেন’। বয়স্কৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই উদ্যানত। কেৱল বয়োজ্যেষ্ঠ লোকৰ বাবে নহয় সকলো বয়সৰ লোকেই প্ৰৱেশ কৰিব পাৰিব মেম’ৰী গাৰ্ডেনত। কিন্তু বয়স্ক লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব উদ্যানখনত। এই উদ্যান নিৰ্মাণ কৰোঁতে ব্যয় হ’ব প্ৰায় ২ কোটি টকা। গ্ৰেটাৰ হায়দৰাবাদ মিউনিচিপাল কৰ্প’ৰেচনৰ চহৰৰ জৈৱবৈচিত্ৰ্য বিভাগৰ অতিৰিক্ত কমিছনাৰ ভি. কৃষ্ণাই জনাইছে এই অনন্য মেম’ৰী গাৰ্ডেনত থাকিব এৰ’মেটিক গছ। প্ৰাণভৰি সেই গছৰ গোন্ধ ল’ব পাৰিব বয়স্ক লোকসকলে। আৰু এই গোন্ধৰ জৰিয়তে স্মৃতিশক্তি বৃদ্ধি পাব বয়স্কৰ। ভাৰতৰ এই প্ৰথম মেম’ৰী গাৰ্ডেন হৈ উঠিব DEMENTIA FRIENDLY।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ