জনপ্ৰিয় ইনফ্লুৱেন্সাৰ তথা সমাজকৰ্মী হুছেইন মানছুৰীয়ে অসমৰ প্ৰলয়ংকৰী বানত উপস্থিত থাকি ৰাইজক সহায়ৰ হাত আগবঢ়াইছে। দ্বিতীয় দিনাও উজনিৰ বানাক্ৰান্তৰ কাষত আছে হুছেইন মানছুৰী। তেওঁ সাহায্য প্ৰদান কৰিবলৈ উজনি অসমৰ শিৱসাগৰ, নাজিৰা আদি দুৰ্গম অঞ্চলত উপস্থিত হৈছে। তেওঁ কেৱল খাদ্যসামগ্ৰীয়েই নহয়, বানপীড়িতৰ বাবে অতি প্ৰয়োজনীয় বাচন-বৰ্তন আৰু শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লৈ বোকাপানী গচকি ৰাইজৰ কাষত থিয় দিছে।
বহুলোকে বানাক্ৰান্তক বাবে চাউল-দাইল-মিঠাতেল দি দায়িত্ব সামৰিছে, কিন্তু মানছুৰীয়ে বানে ধুই নিয়া ঘৰখন নতুনকৈ আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় বাচন-বৰ্তন যোগান ধৰিছে বন্যাৰ্তক। ৰিলিফৰ সামগ্ৰী পোৱাৰ পিছতো ৰান্ধিবলৈ বাচন-বৰ্তন নাছিল বন্যাৰ্তৰ ওচৰত। বানে উটুৱাই নিয়া ঘৰখনত নাছিল পাকঘৰৰ কোনো সামগ্ৰী। হুছেইন মানছুৰীৰ ব্যতিক্ৰমী সহায়ে যথেষ্ঠ সকাহ দিছে বানাক্ৰান্তক। বিপদৰ সময়ত এইদৰে সহায় কৰি মানছুৰীয়ে দেখুৱাইছে মহানুভৱতা। সুগম অঞ্চলত নহয় নিশাৰ ভাগতো টুলুঙা নাও লৈ দুৰ্গম অঞ্চলত মানছুৰীয়ে গৈছে আৰু পানীৰ মাজেৰে বানাক্ৰান্ত বিচাৰি বিচাৰি কৰিছে সহায়।
পূৰ্বৰে পৰা সমাজকল্যাণৰ লগত জড়িত আছে মানছুৰী। তেওঁ নিজৰ কৰ্মৰাজিৰে সকলোৰে মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। বন্যাৰ্তক সহায় কৰি মানছুৰীয়ে কয়, ‘আল্লাহ, ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, আমি সকলো একেই… মই মাত্ৰ মাধ্যমহে। মই যিমান পাৰিছো সকলোকে সহায় কৰিছে, অলপ হ’লেও সকলোৰে উপকাৰ হ’ব। বৰ্তমানলৈ পানী, ৰেচন, পশুৰ খাদ্য সকলো হৈছে, মই যিমান পাৰিছোঁ মুঠতে কৰি গৈছোঁ। মই দেশবাসীক এটায়ে ক’ম যে সকলো আহক আৰু অসমৰ ৰাইজৰ সহায় কৰক। সকলোৰে বহুত প্ৰয়োজন আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















