সংসদত ৩খন কৃষি বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশত সম্প্ৰতি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ কৃষক সংগঠনসমূহে। এই আইনসমূহ পুঁজিপতিৰ সপক্ষে আৰু কৃষকৰ বিৰুদ্ধে বুলি তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। কৃষক বিৰোধী এনে আইনৰ বিৰুদ্ধে ২৫ ছেপ্টেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে। এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে আঞ্চলিক গণ মৰ্চাইও। অসমত এই বন্ধ সফল কৰাৰ আহ্বান জনাইছে মৰ্চাৰ নেতৃবৰ্গই। এক বিবৃতিত মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, সমন্বয়ক ক্ৰমে মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ আৰু লাচিত বৰদলৈয়ে উল্লেখ কৰে যে চৰকাৰে সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে ৩ আইন জাপি দিছে কৃষকৰ ওপৰত। এই আইনে দেশৰ খাটি খোৱা, দৰিদ্ৰ তথা কৃষক শ্ৰেণীলৈ ভাবুকি কঢ়িয়াই আনিব বুলি মৰ্চাই মত প্ৰকাশ কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) বিধেয়ক-২০২০ৰ জৰিয়তে অসাধু ব্যৱাসায়ীক চৰকাৰে লুণ্ঠনৰ সুবিধা দিয়া বুলি বিবৃতিত প্ৰকাশ কৰে। সেয়ে দেশৰ জনতাৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সংগঠনে আহ্বান কৰা বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আঞ্চলিক গণ মৰ্চাই।
উল্লেখ্য যে আঞ্চলিক গণ মৰ্চাত অসম সংগ্ৰামী মঞ্চ, ASDC, অসম জনতা দল, জাতীয়বাদ পুনৰ নিৰ্মাণ সমিতি(অসম), খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা (অসম), জীপাল শ্ৰমিক কৃষক সংঘকে আদি কৰি বহু জাতীয় দল-সংগঠন অন্তৰ্ভুক্ত হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ