অসম লাইভ২৪ঃ পিছফালে কেদাৰনাথ মন্দিৰ৷ ভক্তৰ ভিৰৰ মাজতেই বহি প্ৰেমিকক প্ৰস্তাৱ দিছে এগৰাকী যুৱতীয়ে৷ প্ৰেমিক হয়তো এই বিষয়ে জ্ঞাত নাছিল৷ প্ৰেয়সীৰ কাষতেই ৰৈ তেওঁ কেদাৰনাথ ধামৰ ফালে মুখ কৰি সেৱা জনাই আছিল৷ সেৱা জনাই চকু মেলিয়েই বহি থকা প্ৰেয়সীক দেখি তেওঁ অবাক হৈ পৰে৷ ৰোমাণ্টিক প্ৰেমিক যুগলক দেখি সকলোৱে উভতি চাইছে৷ এই প্ৰেমিক যুগলৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷
কেদাৰনাথ মন্দিৰ ভাৰতৰ অন্যতম এখন ধৰ্মীয় স্থান৷ গৌৰীকুণ্ডৰ পৰা ২২ কিঃমিঃ খোজেৰে যাত্ৰা কৰিব লাগে কেদাৰনাথলৈ৷ কষ্টসাধ্য এই যাত্ৰা কৰিও বহু ভক্তই কেদাৰনাথত সেৱা জনাই৷ এই পবিত্ৰ ধৰ্মস্থানত বৰ্তমান বহু যাত্ৰীয়ে বিভিন্ন ৰীল বা ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে৷ শেহতীয়াকৈ তেনে এটি ভিডিঅ’ই শ্বেয়াৰ হৈছে সামাজিক মাধ্যমত৷ মন্দিৰ প্ৰাংগনতেই এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিছে৷
ভাইৰেল ভিডিঅ’ত যুৱকজনে হালধীয়া কুৰ্তা পৰিধান কৰাৰ বিপৰীতে যুৱতীগৰাকীয়েও এখন হালধীয়া শাৰী পৰিধান কৰিছে৷ ইনষ্টাগ্ৰামত এই ভিডিঅ’ খুবেই ভাইৰেল হৈ পৰিছে৷ মন্দিৰ প্ৰাংগনত এই কাৰ্য দেখি বহুতেই সমালোচনাও কৰিছে৷ একাংশৰ মত, ‘এয়া হানিমুনৰ ঠাই নহয়৷’ বহুতেই আকৌ লিখিছে, ‘ইয়াত কেমেৰা নিষিদ্ধ কৰিলে বহুতেই অহা বন্ধ কৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ