অসম লাইভ ২৪ঃ চৰকাৰৰ লগত প্ৰতিলানি বৈঠক ব্যর্থ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ একমাত্ৰ দিল্লী নহয় সমগ্ৰ দেশব্যাপী আন্দোলনৰ পৰিকল্পনা গ্ৰহণ কৰিছে কৃষকসকলে। বুধবাৰে চৰকাৰৰ সৈতে হোৱা আলোচনা ব্যর্থ হোৱাৰ পাছত ৰণকৌশল সলাইছে প্ৰতিবাদী কৃষকসকেল। ১২ ডিচেম্বৰত জয়পুৰ-দিল্লী, দিল্লী-আগ্ৰা এক্সপ্ৰেছ হাইৱে অৱৰোধ কার্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদকাৰীয়ে। ১৪ ডিচেম্বৰত দেশব্যাপী ধর্ণা কার্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদকাৰী ৩০টা কৃষক সংগঠনে। উল্লেখ্য বুধবাৰে হোৱা আলোচনাত চৰকাৰে আগবঢ়োৱা কৃষি আইনৰ সংশোধনীৰ প্ৰস্তাৱ মানি লোৱা নাছিল কৃষক সংগঠনসমূহে। টোলগেট, জিলাৰ উপায়ুক্তৰ কার্যালয়সমূহত ১২ ডিচেম্বৰত প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে। তদুপৰি কৃষিখণ্ডত ক’র্পৰেটৰ প্ৰৱেশৰ প্ৰতিবাদত আম্বানি-আদানি গ্ৰুপৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ঘেৰাও কৰাৰ পৰিকল্পনা ৰচিছে প্ৰতিবাদকাৰী কৃষকে। আম্বানি-আদানি গ্ৰুপৰ সামগ্ৰী বর্জন, জিঅ’ ফোন সেৱা বর্জনৰ দৰে কার্যসূচীও লৈছে কৃষক সংগঠনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ