• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাকী আছেগৈ মাথোঁ জাতিৰ ‘বস্ত্ৰহৰণ’ পৰ্ব !

বাকী আছেগৈ মাথোঁ জাতিৰ ‘বস্ত্ৰহৰণ’ পৰ্ব !

6 years ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

43 minutes ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

1 hour ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

2 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

3 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

4 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

5 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

6 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

6 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

7 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

9 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

9 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

বাকী আছেগৈ মাথোঁ জাতিৰ ‘বস্ত্ৰহৰণ’ পৰ্ব !

মাটি গ’ল, ভাষা-ভেটি নিবলৈ ‘কা’ আহিল...

editor by editor
July 7, 2020
in লেখা
0
বাকী আছেগৈ মাথোঁ জাতিৰ ‘বস্ত্ৰহৰণ’ পৰ্ব !
236
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইদিনমানৰ আগতে একালৰ বিয়াগোম জাতীয়তাবাদী নেতা, অসম গণ পৰিষদ নামৰ ‘আঞ্চলিক’ দলটোৰ একালৰ সভাপতি আৰু ছল বুজি সাম্প্ৰদায়িক বিজেপিলৈ পিছত বাগৰ মৰা চন্দ্ৰমোহন পাটোৱাৰী নামৰ এতিয়াৰ উদ্যোগ মন্ত্ৰীজনে সগৌৰৱে ঘোষণা কৰিলে যে সৰ্বানন্দ সোণোৱালৰ কেবিনেটে অধ্যাদেশ আনি সিদ্ধান্ত লৈছে- এতিয়াৰ পৰা অসমত উদ্যোগ স্থাপন কৰিবলৈ প্ৰয়োজন নহ’ব কোনো অনুজ্ঞাপত্ৰ বা ‘লাইচেঞ্চ’ৰ। উদ্যোগীয়ে সাধাৰণভাৱে এখন শপতনামা বা আৱেদন আয়ুক্তজনৰ হাতত জমা দিয়েই আৰম্ভ কৰিব পাৰিব উদ্যোগ স্থাপনৰ কাম। ঔদ্যোগিকভাৱে পিছপৰা ৰাজ্যখনত উদ্যোগ স্থাপনৰ জৰিয়তে অৰ্থনৈতিক অৱস্থা টনকিয়াল  কৰিবলৈ হেনো বিজেপি চৰকাৰে এই ‘যুগান্তকাৰী’ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আমাৰ মন্ত্ৰী মহোদয়ে এই কথাও বীৰৰ দৰে ঘোষণা কৰিলে যে এতিয়াৰ পৰা ৰাজ্যখনৰ কৃষিভূমি অনা-কৃষিকাৰ্যত ব্যৱহাৰ কৰাত চৰকাৰী কোনো বাধা-নিষেধ নাথাকিব। অতঃএব, অসমৰ খিলঞ্জীয়া, থলুৱা মানুহৰ কৃষিভূমি এতিয়াৰ পৰা অনা-অসমীয়া বণিয়াৰ উদ্যোগ স্থাপনৰ বাবে সুচল কৰি দিয়া হ’ব। কৃষিভূমিৰ শ্ৰেণী-পৰিৱৰ্তনৰ এই খিলঞ্জীয়াবিৰোধী সিদ্ধান্ত কাৰ স্বাৰ্থত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কেবিনেটৰ হতুৱাই ততাতৈয়াকৈ লোৱালে সেইটো পাটোৱাৰীৰ অতীত জনাসকলে ভালকৈ জানিব।

এইখিনিতে স্পষ্ট ভাষাৰে কৈ থওঁ যে আমি ঔদ্যোগিকৰণৰ বিৰোধী একেবাৰেই নহয়। আমিও বিচাৰোঁ দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমে ঔদ্যোগিক মানচিত্ৰত এখন বিশেষ আসন দখল কৰক। দেশ-বিদেশৰ উদ্যোগীক মাতি আনি ‘এডভাণ্টেজ আসাম’ পাতি হেজাৰ হেজাৰ কোটি ভাঙি অসমত এটা জুইশলা উদ্যোগো নতুনকৈ স্থাপন কৰাব পাৰিলেনে সোণোৱালৰ চৰকাৰে? আকৌ কওঁ উদ্যোগ হ’ব লাগে, কিন্তু তাৰ অৰ্থ এইটো হ’ব নোৱাৰে যে খিলঞ্জীয়া মানুহৰ, থলুৱা কৃষকৰ ভূমি ঔদ্যোগিকৰণৰ নামত পানীৰ দৰত কোনোবা জৈন, আগৰৱালা, ধানুকা, আম্বানী, আদানী, ঘোষ, মুখাৰ্জীৰ হাতলৈ যাওক। এনে হঠকাৰী চৰকাৰী সিদ্ধান্তৰ আইনী দিশ, পূৰ্বৰ চৰকাৰী নীতি-নিৰ্দেশনা সম্পৰ্কে অন্যান্য সকলে আলোচনা কৰিছে। পুনৰ সেইবোৰ প্ৰসংগ মই আনিব খোজা নাই। কিন্তু আচৰিত আৰু অতি দুৰ্ভাগ্যৰ কথা যে জাতি-মাটি-ভেটিৰ চকীদাৰী কৰিম বুলি দিছপুৰত বহা এখন চৰকাৰে এনে জাতিবিৰোধী সিদ্ধান্ত এটা অনায়াসে ল’ব পাৰিলে কেনেকৈ!

ফটোঃ অসম লাইভ ২৪

যদি এটা উদ্যোগ স্থাপন এনেকৈয়ো কৰিব পাৰি, তেন্তে প্ৰদূষণ নিয়ন্ত্ৰণ, বিদ্যুৎ যোগান, অগ্নি-নিৰ্বাপণৰ নীতি-নিয়ম ইত্যাদিবোৰ অতদিনে ভেঁকোভাওনা আছিল? উদ্যোগ বিভাগৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থাটো তাৰমানে এটা বহুৱালিহে আছিল? কোনে ক’ত কি উদ্যোগ বহুৱালে, কিমান প্ৰদূষণ হ’ল, পাৰিপাৰ্শ্বিক অৱস্থাটোত উদ্যোগটোৱে কি প্ৰভাৱ পেলাব বা নেপেলাব, কিমান বিদ্যুৎ উদ্যোগটোৰ বাবে প্ৰয়োজন হ’ব, সেই অনুপাতে বিদ্যুৎ যোগান দিব পৰা হ’ব নে নহয় ইত্যাদি এশ এটা বিষয়ৰ তন্ন তন্ন প্ৰশ্ন-উত্তৰৰ কুচ-কাৱাজবোৰ তাৰমানে একো একোটা টকা খোৱাৰ অচিলাহে আছিল? নহয়নে?

নিৰ্বাচন আহি আছে। ভোটাৰক ধান ছটিওৱাদি ছটিয়াবলৈ সৰ্বানন্দ-হিমন্ত-চন্দ্ৰমোহনক এতিয়া অজস্ৰ টকা লাগে। অনা-অসমীয়াৰ হাতত অসমীয়াৰ কৃষিভূমি পানীৰ দৰত তুলি দি জাতিটোক ভিকহু জাতিত পৰিণত কৰিবলৈ চলোৱা ই এক চক্ৰান্তৰ বাহিৰে অন্য একো নহয়। কেইজন অসমীয়া উদ্যোগীয়ে এই চন্দ্ৰমোহনৰ নতুন নীতিৰে অসমত উদ্যোগ স্থাপন কৰাৰ সুযোগ পাব ৰাইজে জানিব পাৰেনে? অনা-অসমীয়া বণিয়াক মাটি বেচক, ল’ৰা-ছোৱালীৰ বাবে সেই বণিয়াৰ উদ্যোগত চাকৰি লওক আৰু তেনেকৈ উপাৰ্জন কৰা টকাৰে ঘৰ সাজি ভাড়ালৈ দিয়ক। খেতি কৰি যদি ১০ হেজাৰ পাইছিল, ঘৰ ভাড়া দি ৫০ হেজাৰ পাব। অৰ্ধ-শিক্ষিত বা অশিক্ষিত মানুহৰ মগজুতহে এনে আজৱ ফৰ্মূলাৰ সৃষ্টি সম্ভৱ! এটা সৰু উদ্যোগ স্থাপন কৰিবলৈ থলুৱা শিক্ষিত যুৱক-যুৱতীয়ে বছৰ বছৰ তাঁতবাতি কাঢ়িও সুফল লাভ কৰিব পৰা নাই। তেনে অলেখ উদাহৰণ আমাৰ হাততে আছে। যদি ইমানেই জাতিৰ উন্নয়নৰ কথা ভাবিছে সৰ্বানন্দৰ চৰকাৰে তেন্তে এই নীতি-নিয়ম শিথিলকৰণ ব্যৱস্থাটো কিয় ‘কেৱল খিলঞ্জীয়া, থলুৱা আগ্ৰহী উদ্যোগীৰ বাবে’হে বুলি ঘোষণা কৰাৰ সাহস নহ’ল? উত্তৰ আমাক লাগিব। অসমৰ জনগণক ইয়াৰ উত্তৰ দিবই লাগিব।

তীব্ৰ সমালোচনা, ককৰ্থনাৰ পিছত উদ্যোগমন্ত্ৰীয়ে চাৰিদিনৰ পিছত ক’লে বোলে কৃষিভূমি অনা-কৃষিকাৰ্যত ব্যৱহাৰৰ সুবিধাটো থলুৱা, খিলঞ্জীয়া উদ্যাগীসকলৰ সুবিধাৰ বাবেহে কৰা হৈছে। কেবিনেটে অনুমোদন জনোৱা অধ্যাদেশখনৰ ক’তো পিছে ইয়াৰ কোনো উল্লেখ নাই। অৰ্থাৎ আকৌ চূড়ান্ত মিথ্যাচাৰ চন্দ্ৰবাবুৰ। যদি সেয়াই হয়, তেন্তে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ ঋণলাভৰ ক্ষেত্ৰত অসমীয়া উদ্যোগীয়ে সন্মুখীন হোৱা কণ্টকবোৰ আঁতৰোৱাৰ কোনো এটা শব্দও দিছপুৰীয়াসকলে উচ্চাৰণ নকৰাৰ ৰহস্য কি? ঘূৰাই-পকাই অসমীয়াক বঞ্চিত কৰি অনা-অসমীয়াক অসমখন বেচাৰ অংক নহয় জানো? কেইজন অসমীয়া উদ্যোগীৰ শ শ বিঘা খেতিৰ মাটি কিনি উদ্যোগ স্থাপন কৰিব পৰা ক্ষমতা আছে? এই অধ্যাদেশৰ দ্বাৰা এক, অসমৰ খিলঞ্জীয়া মানুহৰ মাটি সামান্য দৰত অনা-অসমীয়া বণিয়া গোষ্ঠীৰ হাতত তুলি দিবলৈ বিচৰা হৈছে, আৰু দুই, ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ শ বিঘা খিলঞ্জীয়াৰ কৃষিৰ মাটি নিজৰ হাতলৈ নিয়া অনা-অসমীয়া বণিয়াক উদ্যোগ স্থাপনৰ আঁৰ লৈ সেই মাটিৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা।

২০১৪ৰ পৰা পদে পদে কেৱল অসম আৰু অসমীয়া জাতিৰ বিৰুদ্ধে প্ৰণালীবদ্ধভাৱে ষড়যন্ত্ৰ চলাই আহিছে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ অসমীয়া এজেণ্ট সৰ্বানন্দ সোণোৱালে। লগত আছে ‘ছাব-এজেণ্ট’ হিমন্ত, অতুল, কেশৱ, চন্দ্ৰমোহন, ফণী ইত্যাদি ইত্যাদি। অসমৰ জনতাৰ প্ৰতিবাদক নেওচা দি অসমৰ মাটি বাংলাদেশৰ হাতত তুলি দিয়া, জনগণৰ প্ৰতিৰোধ আন্দোলনক উলাই কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা, অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব, ভাষা-কৃষ্টি-সংস্কৃতিলৈ ধ্বংস মাতি অবৈধ হিন্দু বাংলাদেশীক দলিচা পাৰি অসমলৈ অহাৰ পথ খুলি দি নাগৰিকত্ব আইন সংশোধন কৰা, এটাৰ পিছত আনটো অসমৰ তেলখাদ ব্যক্তিগত মালিকৰ হাতত তুলি দিয়া, শ শ থলুৱা কৰ্মচাৰীৰ ভৱিষ্যৎ ধ্বংস কৰি বৃহৎ উদ্যোগ জাগীৰোড কাগজ কল বন্ধ কৰি দিয়া, ধনৰ লোভত অসমৰ ঐতিহাসিক বৰ্ষাৰণ্য দিহিং পাটকাইত মুক্ত খননৰ অনুমোদন দি জৈৱবৈচিত্ৰ‍্যৰ প্ৰতি চৰম ভাবুকি নমাই অনা, বিশ্ব-বিখ্যাত ডিব্ৰু-ছৈখোৱা বনাঞ্চললৈ ধ্বংস মাতি বৈধ-অবৈধ তেলৰ খাদ বহুওৱাৰ দৰে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী অসংখ্য সিদ্ধান্ত বেপৰোৱাভাৱে লৈ আছে এই জাতিধ্বংসী চৰকাৰখনে। শেহতীয়াকৈ অসমীয়াৰ খেতিৰ মাটি অনা-অসমীয়া বণিয়াক গতোৱাৰ ফন্দি। আৰু কিমান? এতিয়া মাথোঁ বাকী আছেগৈ কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে সৰ্বানন্দৰ ৰাজসভাত অসমীয়া জাতিৰ লজ্জা-নিবাৰণৰ শেষ বস্ত্ৰকণো আঁজুৰি জাতিটোক নিঃশেষ কৰিবলৈ!

ইমানৰ পিছতো আমি কিন্তু মৌন। অক্ষম। শক্তিহীন।

আমি বহুধা বিভক্ত। কাৰণ আমি ব্যক্তিপূজাত ব্যস্ত। সকলো নেতা হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছোঁ। মন্ত্ৰী-বিধায়ক হোৱাৰ সপোন! জাতি, থলুৱা, খিলঞ্জীয়া আদি শব্দবোৰ বহুতৰ বাবে এতিয়া একো একোটা ‘ধনঘটা’ৰ অচিলা। যেন এইখন অসমবিৰোধী চৰকাৰক ২০২১ ত শাসনৰ পৰা অপসাৰিত কৰি জাতিৰ মুক্তি নিশ্চিত কৰিবলৈ নহয়, মুখ্যমন্ত্ৰী হ’বলৈ বা কাৰোবাক মুখ্যমন্ত্ৰী পাতিবলৈ অঘোষিত যুদ্ধহে চলিছে অসমত!

এতিয়াও যদি নুবুজোঁ, কেতিয়া বুজিম!

জাতিৰ বস্ত্ৰহৰণৰ পিছত?

 

(লেখকঃ মনজিৎ মহন্ত, ৰাজ‍্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam industry departmentassam live 24Assam-Govtaxom live 24chandramohan patowarihimanta biswa sarmamanjit mahantasarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম
জীৱনশৈলী

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

April 8, 2026
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

April 8, 2026
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!
জীৱনশৈলী

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

April 8, 2026
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
Next Post
আমেৰিকা এৰিব লাগিব ভাৰতীয়ই

আমেৰিকা এৰিব লাগিব ভাৰতীয়ই

তিনিমাহ ধৰি ঔষধ নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.