ভাস্কৰজ্যোতি দাস, অসম লাইভ ২৪ঃ দিনত চাৰিটাকৈ টেবলেট। পুৱা ২ টা আৰু গধূলি ২ টা। পুৱাৰ টেবলেট দুটাই ৰোগীৰ শৰীৰত নিশাৰ ভাগত বংশবৃদ্ধি ঘটা এইছ আই ভি ভাইৰাছৰ ৯৮% ধ্বংস কৰে। অনুৰূপ ধৰণে গধূলিৰ ভাগত সেৱন কৰা টেবলেট দুটাই দিনৰ ভাগত ৰোগীৰ শৰীৰত সৃষ্টি এইছ আই ভি ভাইৰাছৰ ৯৮% বিনষ্ট কৰে। ৰোগীৰ শৰীৰত অৱশিষ্ট মাত্ৰ ২% এইছ আই ভি ভাইৰাছৰ উপস্থিতি ৰাখি বছৰ বছৰ ধৰি এনেদৰেই ৰাজ্যৰ বিভিন্ন জিলাৰ চিভিল হাস্পতালসমূহত এইডছ ৰোগীৰ চিকিৎসা কৰি অহা হৈছে। মাহেকৰ কোনোবা এটা নির্দিষ্ট দিনত এইছ আই ভি পজিটিভসকল নিজৰ নিজৰ জিলাৰ চিভিল হাস্পতাললৈ আহে আৰু তাত থকা এআৰটি চেণ্টাৰৰ পৰা নিজৰ বাবে এমাহৰ ঔষধ সংগ্ৰহ কৰে। বিনামূলীয়াকৈ এই ঔষধ যোগান ধৰি অহাৰ উপৰি ৰোগীসকলৰ চিকিৎসালয়লৈ অহা-যোৱা কৰোতে হোৱা যাতায়াত খৰচো চৰকাৰে বহন কৰি আহিছে।
২৪ মার্চৰ পৰা আৰম্ভ হোৱা সর্বাত্মক লকডাউনত বিঘ্নিত ৰাজ্যৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা। চৰকাৰৰ সীমাবদ্ধ চৰকাৰী পৰিবহন ব্যৱস্থা ক’ৰোনা ৰোগী, চিকিৎসক-নার্ছ, কোৱাৰেণ্টাইন জ’ন আদিক লৈয়ে ব্যস্ত। মাজতে ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক পৰিবহন ব্যৱস্থাসমূহ চৰকাৰে খুলি দিয়ে যদিও বাহনসমূহত বান্ধি দিয়া যাত্ৰীৰ সীমাবদ্ধতাৰ পৰণতিত আজি পর্যন্ত ৰাজ্যখনত ৰাজহুৱা পৰিবহন যোগাযোগ ব্যৱস্থা সুচল হৈ উঠা নাই। তিনি মাহৰো অধিক দিন এনেদৰে ৰাজ্যত ৰাজহুৱা পৰিবহন ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ থকাৰ বাবে শেহতীয়াকৈ ৰাজ্যখনৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ জীৱনলৈ ভয়ংকৰ পৰিস্থিত নামি আহিছে। ৰাজহুৱা পৰিবহন ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ পৰিণতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ এইছ আই ভি পজিটিভ লোকসকল নিজৰ ঔষধ সংগ্ৰহৰ বাবে নিজৰ নিজৰ চিভিল হাস্পতাললৈ যাব পৰা নাই। ইফালে, চিভিল হাস্পতালসমূহত প্ৰদান কৰা এই ঔষধ কিনিবলৈ পোৱা নাযায় কোনো ক্লিনিক, ফার্মাচীত। পৰিণতিত ৰাজ্যৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ গৰিষ্ঠসংখ্যকেই বিগত তিনিমাহ ধৰি নিজৰ নিজৰ ঔষধ সংগ্ৰহ কৰা আৰু ঔষধ সেৱনৰ পৰা বঞ্চিত হ’ব লগা হৈছে। চিকিৎসা বিজ্ঞানৰ ভাষ্যমতেই, এইছ আই ভি পজিটিভসকলে নিয়মীয়াকৈ ঔষধ সেৱন কৰা উচিত। অনিয়মীয়া ঔষধ সেৱনৰ ফলত এইছ আই ভি পজিটিভ শৰীৰত ভাইৰাছৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পায় আৰু ইয়ে ৰোগীক বিপজ্জনক অৱস্থালৈ লৈ যাব পাৰে।
সর্বোপৰি, এইচ আই ভি পজিটিভৰ প্ৰধান লক্ষণটোৱেই হ’ল ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা। দেশব্যাপি মহামাৰী ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ বেলিকা একমাত্ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বাবেই ৮ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰ বয়সৰ ওপৰৰ লোকসকলক ঘৰৰ বাহিৰ নোলাবলৈ বাৰম্বাৰ চৰকাৰীভাৱে জাননী জাৰি কৰা হৈছে। সমান্তৰালভাৱে একেই ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা এইছ আই ভি পজিটিভ লোকসকলৰ মাহেকৰ ঔষধ সংগ্ৰহ কৰিবলৈ জিলাৰ চিভিল হাস্পতালসমূহলৈ কৰা অতিশয় বিপজ্জনক যাত্ৰা বাধা দিয়াৰো প্ৰয়োজন হৈছে। ক’ৰোনা মহামাৰীৰ বিভীষিকা অন্ত নপৰা পর্যন্ত ৰাজ্যখনৰ এইছ আই ভি পজিটিভসকলক তেওঁলোকৰ মাহেকৰ ঔষধ ঘৰে ঘৰে প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰিব নোৱৰাৰো কাৰণ হয়তো নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ