• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

1 month ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

10 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

10 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

11 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

11 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

12 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

12 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

14 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

14 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

15 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

16 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Becoৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ HUL

editor by editor
August 19, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে (HUL) নিজৰ জনপ্ৰিয় সামগ্ৰী ছাৰ্ফ এক্সেল আৰু ভীমক লৈ Beco-এ চলোৱা এটা বিজ্ঞাপন অভিযানৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। Beco-এ নিজৰ ‘WarOnWhatsHidden’ নামৰ অভিযানৰ জৰিয়তে এই দুটা সামগ্ৰীত ব্যৱহৃত কিছুমান ৰাসায়নিক উপাদানৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই অভিযানক লৈয়ে দুয়োটা কোম্পানীৰ মাজত আইনী বিতৰ্কৰ সৃষ্টি হৈছে।

Beco-এ শেহতীয়াকৈ ‘WarOnWhatsHidden’ নামৰ এক বিজ্ঞাপন অভিযান আৰম্ভ কৰে। ছ’চিয়েল মিডিয়া, ভিডিঅ’, ইনফ্লুৱেঞ্চাৰ আৰু বিজ্ঞাপনৰ জৰিয়তে এই অভিযান চলোৱা হয়। Becoৰ দাবী অনুসৰি, তেওঁলোকে কৰা লেবৰেটৰী পৰীক্ষাত ছাৰ্ফ এক্সেলত BIT আৰু LAS পোৱা গৈছে। আনহাতে, ভীমতো LAS পোৱা বুলি কোম্পানীটোৱে দাবী কৰিছে। Beco-এ এই ৰাসায়নিক উপাদানসমূহক ছালত হোৱা জ্বলা-পোৰা, ইৰিটেচন আৰু এলাৰ্জিৰ দৰে সমস্যাৰ সৈতে সম্পৰ্কিত বুলি উল্লেখ কৰি ছাৰ্ফ এক্সেল আৰু ভীমৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Becoৰ দাবীত HULৰ আপত্তি

Becoৰ এই দাবীৰ বিৰুদ্ধে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। কোম্পানীটোৰ যুক্তি হৈছে—কোনো সামগ্ৰীত এটা নিৰ্দিষ্ট ৰাসায়নিক উপাদান পোৱা গৈছে বুলিয়েই সেই সামগ্ৰীয়ে ব্যৱহাৰকাৰীৰ ছালত ইৰিটেচন, জ্বলা-পোৰা বা এলাৰ্জিৰ সৃষ্টি কৰিব বুলি প্ৰমাণিত নহয়। HULৰ মতে, কোনো সামগ্ৰীৰ সুৰক্ষা নিৰ্ধাৰণ কৰিবলৈ কেৱল কোনো এটা ৰাসায়নিক উপাদানৰ উপস্থিতি বা পৰিমাণ পৰীক্ষা কৰাই যথেষ্ট নহয়। সম্পূৰ্ণ সামগ্ৰীৰ সুৰক্ষা সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষাও কৰা উচিত।
HULএ বিশেষভাৱে LASৰ ব্যৱহাৰৰ বিষয়টোও উত্থাপন কৰিছে। কোম্পানীটোৰ মতে, LAS হৈছে বিভিন্ন ক্লিনিং প্ৰডাক্টত ব্যৱহৃত এক সাধাৰণ ক্লিনিং উপাদান, যাৰ সহায়ত তেল আৰু ময়লা আঁতৰোৱাত সহায় হয়। HULৰ অভিযোগ, Beco-এ Vimৰ ক্ষেত্ৰত LASৰ উপস্থিতিক বিশেষভাৱে প্ৰদৰ্শন কৰি গ্ৰাহকৰ মাজত সামগ্ৰীটোৰ বিষয়ে ভুল ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।

HULৰ টেগলাইন ব্যৱহাৰক লৈও আপত্তি

কেৱল ৰাসায়নিক উপাদানক লৈ কৰা দাবীয়েই নহয়, Becoৰ বিজ্ঞাপনত HULৰ জনপ্ৰিয় সামগ্ৰীৰ টেগলাইন ব্যৱহাৰ কৰাৰ বিষয়তো আপত্তি উত্থাপন কৰিছে কোম্পানীটোৱে। Becoৰ অভিযানত Vimৰ ‘১০০টা নেমুৰ শক্তি’ আৰু ছাৰ্ফ এক্সেলৰ ‘দাগ ভাল’ৰ দৰে জনপ্ৰিয় টেগলাইন ব্যৱহাৰ কৰা বুলি HULএ অভিযোগ কৰিছে।
HULৰ মতে, এই ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকৰ ব্ৰেণ্ড আৰু সামগ্ৰীৰ বিষয়ে গ্ৰাহকৰ মাজত নেতিবাচক ধাৰণা সৃষ্টি হোৱাৰ আশংকা আছে। কোম্পানীটোৱে লগতে অভিযোগ কৰিছে যে Beco-এ ১৪ আগষ্টৰ নিশা এই অভিযান আৰম্ভ কৰিছিল। অভিযানটো হঠাতে আৰম্ভ কৰাৰ ফলত ইয়াৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰাত অসুবিধা হোৱা বুলিও HUL-এ আদালতক অৱগত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bussiness
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.