অসম লাইভ ২৪ঃ আমেৰিকা এৰিব লাগিব লক্ষাধিক বিদেশী ছাত্ৰ-ছাত্ৰীয়ে। ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূর্ণ সিদ্ধান্ত। এই সিদ্ধান্তই দুই লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। ক’ৰোনা সংক্ৰমণে বিধ্বস্ত কৰা বিশ্বৰ মহাশক্তিশালী দেশ আমেৰিকাই বিদেশী ছাত্ৰ-ছাত্ৰীক স্বদেশলৈ ওভোতাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে আমেৰিকা এৰিব নালাগে সকলো প্ৰবাসী ছাত্ৰ-ছাত্ৰীয়ে। যিসকল ছাত্ৰ-ছাত্ৰীৰ সকলো বিষয়ৰ অনলাইন ক্লাছ হয়, সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে আমেৰিকা ত্যাগ কৰিব লাগিব। ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই মুঠ ১০ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিব। ইয়াৰ ভিতৰত আছে ভাৰতৰ ২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী। সর্বাধিক প্ৰভাৱিত হ’ব চীনৰ শিক্ষার্থী। যিহেতু দেশখনত চীনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই অধিক। এই নির্দেশৰ পাছতো যদি কোনো শিক্ষার্থীয়ে আমেৰিকা ত্যাগ নকৰে, তেনেহ’লে তেওঁক প্ৰশাসনে স্বদেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু লকডাউন বা আন্তর্জাতিক বিমান পৰিবহন বন্ধ থকাৰ পৰিণতিত আমেৰিকাত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত দেশখনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া এতিয়াও স্পষ্ট নহয়। আনহাতে ‘বন্দে ভাৰত মিছন’ৰ জৰিয়তে প্ৰবাসী ভাৰতীয়ক দেশলৈ অনাৰ যি ব্যৱস্থা চলি আছে, আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীসকলক এই ব্যৱস্থাই সামৰি ল’ব নে নলয়, সেয়াও এই পর্যন্ত ভাৰত চৰকাৰে স্পষ্ট কৰা নাই। ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে আমেৰিকাই বিদেশী শিক্ষার্থীক স্বদেশলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ