অসম লাইভ ২৪ঃ আনলকৰ পাছত সকলোৱে আৰম্ভ কৰিছে ঘূৰা-ফুৰা। সপ্তাহৰ অন্তত অভিভাৱকসকলে সন্তানক লৈ গৈছে ফুৰাবলৈ। ইয়াৰ মাজতে সংঘটিত হ’ল এক ভয়ানক ঘটনা। দেওবাৰে আঢ়ৈ বছৰীয়া সন্তানক লৈ সমুদ্ৰৰ পাৰত ফুৰিছিল মাতৃয়ে। সমুদ্ৰৰ ঢৌৰ সৌন্দর্যত বিভোৰ হৈ মাতৃয়ে চেলফি লোৱাত ব্যস্ত হৈ পৰিল। ঠিক তেনে সময়তে প্ৰচণ্ড ঢৌৱে আঢ়ৈবছৰীয়া পুত্ৰক খুন্দা মৰাত মাতৃৰ হাতৰ পৰা চিটিকি পৰে আৰু লগে লগে উটুৱাই লৈ যায় কণমানিটিক। ইয়াৰ পাছৰে পৰা কোনো সন্ধান লাভ কৰা নাই শিশুটিৰ। ঘটনাটো সংঘটিত হৈছে কেৰালাৰ আলাপ্পুঝা বীচত। আঢ়ৈবছৰীয়া শিশুটিৰ নাম আদি কৃষ্ণ। ঘটনা সন্দর্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিষেধাজ্ঞাৰ পাছতো কিয় সাগৰৰ পাৰলৈ গৈছিল মাতৃ। শিশুটিৰ মাতৃয়ে জনাইছে বহুদিন ধৰি আলাপ্পুঝা চোৱাৰ ইচ্ছা আছিল। ইয়াৰ উপৰি লকডাউনত সন্তান ঘৰত থাকি বিৰক্ত হৈ পৰিছিল আৰু সেইবাবে আলাপ্পুঝা বীচলৈ গৈছিল মাতৃ-পুত্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ