অসম লাইভ ২৪ঃ আজিৰ দিনত প্ৰায় সকলো মানুহেই নিজৰ বয়স ধৰি ৰাখিব বিচাৰে। সকলোৰে নিচিনা আপুনিও নিজৰ বয়স ধৰি ৰাখিব বিচাৰে নেকি? তেন্তে কৰিব লাগিব এইকেইটা কাম। বৰ্তমান সময়ত প্ৰায় মানুহেই ব্যস্ত জীৱন একোটা জীয়ায়। যাৰ পৰিপ্ৰেক্ষিতত অত্যাধিক ভাগৰ, ষ্ট্ৰেছ, অৱসাদে আগুৰি ধৰে। গতিকে এনে সময়ত প্ৰায়ভাগ লোকেই নিজৰ সঠিক যত্ন ল’ব নোৱাৰে আৰু যাৰ প্ৰভাৱ তেওঁলোকৰ শৰীৰ আৰু মনত পৰে, যিয়ে এজন মানুহৰ বয়সৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়।
শৰীৰ নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবৰ বাবে তলত দিয়া নিয়মসমূহ মানি চলিলে যথেষ্ট সুফল লাভ কৰিব পৰা যাব।
১) ব্যায়ামঃ নিয়মিত ব্যায়াম আৰু যোগাভ্যাসে এজন লোকক নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে। যিমান ব্যস্ততাপূৰ্ণ দিন নহ’লেও ৰাতিপুৱা সোনকালে উঠি নতুবা আবেলি সময়ত নিয়মিত যোগাভ্যাস কৰিব লাগে। ইয়ে শৰীৰ-মন সুস্থ ৰখাৰ সমান্তৰালভাৱে আপোনাক দেখাতো যথেষ্ট সুশ্ৰী ৰাখিব।
২) ফল-মূল সেৱনঃ দৈনিক খাদ্যতালিকাত অন্যান্য খাদ্যৰ সমান্তৰালভাৱে ফল-মূলো ৰাখিব লাগে। ই শৰীৰত যথেষ্ট পৰিমাণে পুষ্টি আৰু শক্তিৰ যোগান ধৰে। লগতে বিভিন্ন ৰোগৰ পৰাও সুৰক্ষা দিয়ে।
৩) ফাষ্টফুড বৰ্জনঃ বৰ্তমান প্ৰায় লোকৰেই ফাষ্টফুড আৰু জাংকফুড প্ৰিয়। কিন্তু এনেবোৰ খাদ্যই শৰীৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়। লগতে মেদবহুলতা আৰু অন্যান্য বেমাৰ শৰীৰত সৃষ্টি কৰে। গতিকে এইবিলাকৰ পৰা হাত সাৰি থাকিবলৈ এই খাদ্য যিমান পাৰি এৰাই চলিব লাগে।
৪) নিয়মিত পানী সেৱনঃ প্ৰায় চিকিত্সকেই মানুহৰ দেহৰ ওজনৰ হিচাপত পানী সেৱন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। যিটো যথেষ্ট সুফলকাৰী। পানীয়ে দেহৰ এণ্টি-অক্সিডেণ্ট যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰে। সেইবাবে ৰাতিপুৱা খালী পেটত দুইৰ পৰা তিনি গ্লাছকৈ পানী সেৱন কৰিব লাগে।
৫) টোপনিঃ নিয়মিত টোপনিয়ে দেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কাৰ্যত সহায় কৰে। গতিকে সময়মতে টোপনি যোৱাৰ অভ্যাসে শৰীৰটোক নিৰোগী কৰি ৰখাৰ লগতে মন-মগজুও সুস্থিৰ কৰি ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ