অসম লাইভ ২৪ঃ কিছুদিন পূৰ্বেই বলিউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপৰ নেতা ৰাঘৱ চাদ্দাৰ বাগদান সম্পন্ন হৈ যায়। তেনে সময়তে আন এক প্ৰসংগৰো বিভিন্ন মাধ্যমত গুজৱ উঠিছে। সাধাৰণতে চোপ্ৰা ছিষ্টাৰছক বলিউডৰ সফল প্ৰতিভাৱানৰ মাজতেই ধৰা যায়। কিন্তু দুয়োগৰাকীৰ মাজত সফলতাৰ বিভেদ থকা বুলিও বহুতে ক’ব বিচাৰে।
মিছ ৱৰ্ল্ড খিতাপ লাভ কৰাৰ পৰা হলীউড যোৱালৈকে প্ৰিয়ংকা চোপ্ৰাক সকলোৱে এগৰাকী সফল তাৰকা বুলিয়ে জানে। তাৰে মাজতে প্ৰথমে সহকাৰী পৰিচালকৰূপে আৰু পিছত নায়িকা হিচাপে বলিউডত নিজৰ আত্মপ্ৰকাশ ঘটোৱা পৰিণীতি চোপ্ৰাৰ কেৰিয়াৰত জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকাৰ নেতিবাচক প্ৰভাৱ পৰা বুলি বহুতে কব বিচাৰে। কিন্তু এই সন্দৰ্ভত দুয়াগৰাকী ভগ্নীয়ে কেতিয়াও নেতিবাচক মন্তব্য আগবঢ়োৱা নাই। দুয়াগৰাকীয়ে নিজ নিজ পথত সফল বুলিয়ে প্ৰায় জনায়।
উল্লেখ্য যে ১৯৮৮ চনৰ ২২ অক্টোবৰত আম্বালাত পৰিণীতি চোপ্ৰাৰ জন্ম হৈছিল। স্কুলীয়া শিক্ষা শেষ কৰি ১৭ বছৰ বয়সত ইংলেণ্ডলৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। শিক্ষা সমাপ্ত কৰি ২০১৯ চনত পুনৰ মুম্বাইলৈ ঘূৰি আহে। য়শৰাজ ফিল্মছত পি আৰ হিচাপে কাম কৰাৰ পিছত সেইটো প্ৰডাকছনৰ বেনাৰতে নিজৰ প্ৰথমখন ছবিত অভিনয় কৰে পৰিণীতি চোপ্ৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ