অসম লাইভ২৪ঃ হিন্দী বনাম আঞ্চলিক ভাষা, এই বিতৰ্ক আজিৰ নহয়! জাতি-ধৰ্মৰ পিছতেই ভাষাক লৈ মানুহ আটাইকৈ উত্তেজিত হৈ উঠে। তেনেক্ষেত্ৰত হঠাতেই যদি পূ্ৰ্বতে চলি থকা ভাষাৰ সলনি অন্য এটা ভাষা জাপি দিয়া হয় তেন্তে জনসাধাৰণে সেয়া সহজভাৱে ল’বনে? ভাৰতৰ প্ৰধান ভাষা হিন্দী আছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যই সমগ্ৰ দেশতে সৃষ্টি কৰিছিল বিতৰ্কৰ। শেহতীয়াভাৱে অমিত শ্বাহৰ নেতৃত্বাধীন চৰকাৰী ভাষা সংক্ৰান্তীয় কমিটিখনে ৰাষ্ট্ৰসংঘৰ পৰা কেন্দ্ৰীয় বিদ্যালয়, আই আই টিত শিক্ষাগ্ৰহণৰ লগতে দেশৰ উচ্চ ন্যায়ালয়সমূহতো ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাষাৰ প্ৰচলন কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে।
দেশৰ আগশাৰীৰ সংবাদ মাধ্যমসমূহতো এই বিষয়টোক লৈ চলিছে বিশেষ চৰ্চা। কমিটিয়ে দিয়া ৰিপৰ্টমতে এই প্ৰস্তাৱ ইতিমধ্যে ৰাষ্ট্ৰপতিলৈকো প্ৰেৰণ কৰা হৈছে। প্ৰস্তাৱত উল্লেখ থকা অনুসৰি ৰাষ্ট্ৰসংঘতো ভাৰতৰ চৰকাৰি ভাষা হিন্দী হওক। চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় বিদ্যালয়কে ধৰি আই আই টিতো শিক্ষাদান হিন্দী ভাষাত হ’ব লাগে বুলিও প্ৰতিবেদনত উল্লেখ কৰিছে কমিটিখনে। হিন্দীভাষী ৰাজ্যকেইখনৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজতো হিন্দী ভাষাৰ প্ৰচলন বিচাৰিছে কমিটিখনে। আনহাতে চৰকাৰী চাকৰিৰ বাবে কোনো পৰীক্ষা অনুষ্ঠিত হ’লে সেই পৰীক্ষাত ইংৰাজী ভাষাৰ পৰিবৰ্তে হিন্দী ভাষা ব্যৱহাৰ কৰিবৰ বাবে আবেদন কৰিছে কমিটিখনে।
কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি হিন্দী ভাষাৰ ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে তেন্তে তেওঁলোকে সেই বিষয়ে উপযুক্ত কাৰণ বাখ্যা কৰিব লাগিব। যদি উপযুক্ত কাৰণ দিব নোৱাৰে তেন্তে কৰ্মচাৰীজনৰ বাৰ্ষিক পাৰফৰমেঞ্চ ৰিপৰ্টত সেই কথা সন্নিবিষ্ট হ’ব। অক্টোবৰৰ আৰম্ভনিতেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ হাতত এই প্ৰতিবেদন দাখিল কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। কমিটিখনে দিয়া প্ৰস্তাৱ অনুসৰি চৰকাৰী বিজ্ঞাপনৰ ৫০ শতাংশতকৈও অধিক বিজ্ঞাপনৰ ভাষা হিন্দী হোৱাটো প্ৰয়োজন। সকলো চৰকাৰী কৰ্মচাৰীৰ বাবেই সলসলীয়াকৈ হিন্দী কব পৰাটো বাধ্যতামূলক কৰা হ’ব। যদি কোনো কৰ্মচাৰীয়ে হিন্দী ভাষা নাজানে বা বুজি নাপায় তেন্তে শিকণৰ বাবে ৩ বছৰ সময় তেওঁলোকক দিয়া হ’ব।
উল্লেখ্য যে সাম্প্ৰতিক সময়ত বাৰে বাবে হিন্দী ভাষা জাপি দিয়াৰ চেষ্টা চলাইছে বুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে। উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহেও হিন্দী ভাষাৰ আগ্ৰাসনক বিশেষভাৱে আকোঁৱালী ল’ব পৰা নাই। অমিত শ্বাহে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত যদি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই তেন্তে অচিৰেই দেশত যোগাযোগৰ মাধ্যম ইংৰাজীৰ পৰিবৰ্তে হিন্দী হৈ পৰিব। দক্ষিণৰ ৰাজ্যসমূহেও এই পদক্ষেপ কোনো কাৰণতে মানি ল’ব বিচৰা নাই। তেনেস্থলত ভাষিক সালসলনি দেশত সঁচাকৈয়ে হ’বনে সেয়া এতিয়াও স্পষ্ট নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















