অসম লাইভ২৪ঃ নিশা আমি বহুতেই সপোন দেখো। নিশা দেখা সপোন কেতিয়াবা মনত ৰয় আৰু কেতিয়াৱা পুৱা উঠি পাহৰি যাওঁ। সপোনত দেখা প্ৰত্যেকটো কথাই বাস্তৱ হ’বই তেনে নহয় যদিও কেতিয়াবা সপোনত দেখা কিছু কথা বাস্তৱৰ সৈতে মিলি যায়। হিন্দু শাস্ত্ৰত সপোনত দেখা কিছু কথাই বিশেষ ইংগিত বহন কৰে। সপোনত দেখা এই ৫টা বস্তুৱে ধন-সম্পত্তিৰ ইংগিত দিয়ে।
শাস্ত্ৰ অনুসৰি সপোনত যদি জ্বলি থকা দীপ এটাৰ ছবি দেখে তেন্তে এইয়া আৰ্থিকভাৱে টনকিয়াল হ’ব সেই কথাৰেই ইংগিত। আনহাতে সপোনত যদি কাণফুলি দেখে আৰু যদি সেয়া সোণৰ দেখে তেন্তে ব্যক্তিগৰাকীৰ আৰ্থিক ভাগ্য বহুত ভাল হোৱাৰ দিশে। সপোনত যদি সাপ দেখা পায় তেতিয়াৰ আৰ্থিকভাৱে স্বচ্ছল হোৱাৰেই ইংগিত। সপোনত গোলাপ ফুলৰ ছবি বা গোলাপ ফুল ফুলি থকা দেখিলেও সেয়া আৰ্থিক ভাগ্য ভাল হোৱাৰ লক্ষণ। সপোনত সোণৰ বিভিন্ন অলংকাৰ দেখাটোও ভাল সময় অহাৰেই লক্ষণ বুলি শাস্ত্ৰই ক’ব খোজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ