অসম লাইভ২৪ঃ সৰ্বোচ্চ ন্যায়ালয়ে মোদী উপাধিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দিছে বিশেষ সকাহ৷ শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক প্ৰদান কৰা দুবছৰৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে৷ ৰাহুলে অচিৰেই সাংসদ পদ ঘূৰাই পোৱাৰ লগতে পৰবৰ্তী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈকো সক্ষম হ’ব ৰাহুল৷ সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুলৰ এই বৃহৎ জয়ৰ পাছতেই কংগ্ৰেছৰ নেতা কৰ্মীয়ে দিল্লীত বিশেষভাৱে উদযাপন কৰিছে এই দিনটোক৷ শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত দিছে বিশেষ টুইট, ‘সত্য লুকাই নাথাকে৷’ গৌতম বুদ্ধই কৈছিল, ‘তিনিটা বস্তু বেছি দিন লুকুৱাই ৰাখিব নোৱাৰি৷ সূৰ্য, চন্দ্ৰ আৰু সত্য৷ ন্যায়ৰ পথত এই ৰায়৷ সৰ্বোচ্চ ন্যয়ালয়ক এই ৰায়ৰ বাবে অশেষ ধন্যবাদ৷ সত্যমেৱ জয়তে।’
প্ৰধানমন্ত্ৰী মোদীৰ পৰাজয়, ৰাহুল গান্ধীৰ বিজয়
কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাহুল গান্ধীৰ বিজয়ক প্ৰধানমন্ত্ৰী মোদীৰ পৰাজয় বুলি অভিহিত কৰিছে। সাংসদগৰাকীয়ে কয়, ‘আজিৰ দিনটো আমাৰ বাবে অতি সুখৰ দিন। সংসদৰ সকলো স্থানতেই এতিয়া ‘সত্যমেৱ জয়তে’ দেখিব। ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছিল, কিন্তু ষড়যন্ত্ৰত মোদী বিফল হৈছে। ৰাহুল গান্ধীৰ বিজয় মোদীজীৰ বাবে প্ৰত্যাহ্বান৷ মই আজিয়েই লোকসভাৰ অধ্যক্ষলৈ চিঠি লিখিম।’
সকলোৰে দৃষ্টি এতিয়া লোকসভাৰ অধ্যক্ষৰ দিশে
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই দিয়া মন্তব্যত কয়, ‘এতিয়া অধ্যক্ষই সংসদৰ সদস্যপদৰ বিষয়ে সিদ্ধান্ত ল’ব লাগিব। সমগ্ৰ দেশ আৰু বিশ্বই এতিয়া অধ্যক্ষৰ সিদ্ধান্তৰ ওপৰত নজৰ ৰাখিছে৷ লোকসভাত আমাৰ বিৰোধী দলৰ নেতাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ এটা প্ৰতিলিপি আৰু সদস্যপদ পুনৰুদ্ধাৰৰ বাবে অনুৰোধ কৰিবলৈ আনুষ্ঠানিকভাৱে তেওঁক সাক্ষাৎ কৰিব।’
সিংহই সংসদত আকৌ গৰ্জি উঠিব
কংগ্ৰেছৰ সাংসদ ৰণদ্বীপ সুৰজেৱালাই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় গণতন্ত্ৰ, সংবিধান আৰু সত্যৰ জয়৷ ন্যায়ৰ ওপৰত জনতাৰ ভৰষা এই ন্যায়েই বঢ়াই তুলিব৷ ইয়াৰোপৰি কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে কয় যে, ‘সিংহই আকৌ এবাৰ সংসদত গৰ্জন কৰিব৷ অধ্যক্ষই অচিৰেই ৰাহুলৰ পদ উভতাই দিয়ক৷ আজি আমি বহুত সুখী আৰু উৎসাহিত।’
ৱায়ানাডবাসীয়ে লাভ কৰিলে সাংসদ ৰাহুলক
কেৰালাৰ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালাই কয়, ‘কেৰালাৰ লোকসকল, বিশেষকৈ ৱায়ানাডবাসী আজি অত্যন্ত সুখী। তেওঁলোকে তেওঁলোকৰ নিজৰ সাংসদক ওভতাই পাইছে। বিজেপিয়ে ক্ষমা বিচাৰিব লাগে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুজি পাইছে, ৰাহুল গান্ধীৰ কণ্ঠৰোধৰ চেষ্টা চলোৱা হৈছিল৷’
ৰাহুলৰ জনপ্ৰিয়তা আৰু বাঢ়িল
আদিত্য ঠাকৰেই উচ্চতম ন্যায়ালৰ ৰায়ৰ পাছতেই কয়, ‘উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত শুদ্ধ। প্ৰকৃততে, ৰাহুল গান্ধীৰ জনপ্ৰিয়তা এনেও বাঢ়ি আছিল, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ চৰকাৰ গঠন কৰিবই৷ বিজেপিয়ে পেটে পেটে ৰাহুল গান্ধীক ভয় কৰি আছেই৷ পাকেপ্ৰকাৰে ৰাহুলক নমাবলৈ চেষ্টা কৰোতেই ৰাহুল উঠি গ’ল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ