অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি এমাহ পূৰ্ণ হ’ল। মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ দিনা প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত সুশান্ত আৰু নিজৰ ফটো আপলোড কৰি লিখিলে আৱেগ বিহ্বল প’ষ্ট। অভিনেতাগৰাকীৰ মৃত্যুৰ পাছত ৰিয়া চক্ৰৱৰ্তীয়ে কোনো প’ষ্ট ছ’চিয়েল মিডিয়াত দিয়া নাছিল, যাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল ৰিয়া। কিন্তু আজি সুশান্তৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ দিনা ৰিয়াই ইনষ্টাগ্ৰামত লিখিলে আৱেগ বিহ্বল প’ষ্ট। ৰিয়াই লিখিছে- এতিয়াও নিজৰ অনুভৱৰ সৈতে যুদ্ধ চলাই গৈছোঁ। হৃদয়খন উৰুঙা হৈ আছে। তুমি মোক ভাল পাবলৈ শিকালা। মই কেতিয়াও অভিযোগ নক’ৰো তুমি কিয় আজি ইয়াত নাই বুলি। কাৰণ মই জানো এতিয়া তুমি আৰু সুন্দৰ ঠাইত আছা। মই তোমাৰ কাৰণে অপেক্ষা কৰিম। তুমি পুনৰ মোৰ কাষলৈ ঘূৰি আহিবা। এজন অসাধাৰণ মানুহ আছিলা তুমি। ৩০ দিন হৈ গ’ল তুমি নথকা। য’তে আছা শান্তিত থাকা। মই গোটেই জীৱন তোমাকেই ভাল পাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ