অসম লাইভ ২৪ঃ ১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া UNLOCK 3ত শিক্ষানুষ্ঠান, জীম, মেট্ৰ’ আদি খোলাৰ সম্ভাৱনাক লৈ চৰ্চা আৰম্ভ হৈছিল। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বিভিন্ন বিভাগৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পাছত এই সম্ভাৱনা ক্ষীণ হৈ পৰিছে। UNLOCKৰ তৃতীয় পৰ্যায়তো খোল নাখায় শিক্ষানুষ্ঠান, জীম, মেট্ৰ’ আদি। দেশত ক’ৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান নোখোলাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। সংবাদ সূত্ৰ অনুসৰি ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। দুই-এদিনতে UNLOCK 3ৰ নীতি-নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ