অসম লাইভ ২৪ঃ হজ যাত্ৰাৰ বাবে পঞ্জীয়ন আৰম্ভ। ২০২১ চনৰ হজ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ হৈছে। মহামাৰীৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু কল্যাণ দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিয়ে এইবাৰ হজযাত্ৰা চৌদি আৰব চৰকাৰ নীতি-নিৰ্দেশনা অনুসৰি হ’ব বুলি জনায়। শনিবাৰৰ পৰা আৰম্ভ হৈছে হজযাত্ৰাৰ পঞ্জীয়ন। ১০ ডিচেম্বৰলৈ চলিব এই পঞ্জীয়ন। আবেদনৰ লগত কৰোনা নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব যাত্ৰীয়ে। চৌদি আৰবত বিমান অৱতৰণ কৰাৰ ৭২ ঘণ্টাৰ আগৰ ৰিপ’ৰ্টহে মানি লোৱা হ’ব। আহমদাবাদ, বেংগালুৰু, কোচি, দিল্লী, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, মুম্বাই আৰু শ্ৰীনগৰৰ পৰা হজযাত্ৰী লৈ চৌদি আৰবলৈ উৰা মাৰিব বিমান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















