অসম লাইভ ২৪ঃ ১৭ ডিচেম্বৰত ৪ খন জিলাত ৰাজ্য চৰকাৰৰ স্থানীয় বন্ধ ঘোষণা। তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে বন্ধ থাকিব চাৰিখন জিলা। জিলাকেইখন নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰ। এই বন্ধত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, বেংক, শিক্ষা প্ৰতিষ্ঠান আদি সকলো বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে। ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা ৮.৩০ বজালৈ ভোটদান প্ৰক্ৰিয়া চলিব। ৪ খন জিলাত সৰ্বমুঠ ৩৬টা সমষ্টি আছে। মুঠ ভোটাৰৰ সংখ্যা ৭৮,১৮০ গৰাকী। তাৰে ৩৮,৩৬০ জন পুৰুষ আৰু ৩৯,৮২০ গৰাকী মহিলা। উল্লেখ্য যে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কামৰূপ মহানগৰত ১০০টা ভোটকেন্দ্ৰ আছে। ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৭ ডিচেম্বৰত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সস্পূৰ্ণ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ