অসম লাইভ২৪ঃ ৬২ বছৰ বয়সত একেলগে তিনি সন্তানৰ পিতৃ হ’ল মধ্যপ্ৰদেশৰ এজন ব্যক্তি। ছাতনা জিলাৰ বাসিন্দা গোবিন্দ খুছৱাহাৰ পত্নী হিৰাবাঈ খুথৱাহাৰ বয়স বৰ্তমান ৩০ বছৰ। ১৩ জুনত হিৰাবাঈয়ে জন্ম দিছে তিনিটাকৈ সন্তান। তিনিটা শিশুৰ জন্মৰ খবৰ পোৱা মাত্ৰকেই আনন্দত আত্মহাৰা হৈ পৰিছে গোবিন্দ। নিৰ্দিষ্ট সময়ৰ পূৰ্বেই জন্ম হৈছে তিনি সন্তানৰ। তিনিটা শিশুৱেই এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত আছে। শিশুকেইটাব নিউনেটাল ইনটেনছিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হৈছে। গোবিন্দই এই সন্দৰ্ভত কয়, ‘মোৰ দুগৰাকী পত্নী। প্ৰথম পত্নীৰ বয়স এতিয়া ৬০ বছৰ। তেওঁ এটা সন্তানৰ মাতৃ। কিন্তু বিধিয়ে মোৰ কপালত সন্তান নাৰাখিলে। সন্তানটো ১৮ বছৰ বয়সত এক দুৰ্ঘটনাত মৃত্যু হৈছে। সন্তানটোৰ মৃত্যুৰ পাছত আমাৰ ঘৰখন খুবেই নিমাওমাও হৈ পৰিছিল। সেয়ে মোৰ প্ৰথমা পত্নীয়েই মোক দ্বিতীয় বিবাহ কৰাবলৈ কয়।’
প্রথমা পত্নী কস্তুৰীবাঈৰ ইচ্ছাতেই দ্বিতীয় বিবাহ কৰাই গোবিন্দই। ছ’বছৰ পূৰ্বে হিৰাবাঈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে গোবিন্দ। বিয়াৰ ৬বছৰ পাছত যেতিয়া হিৰাবাঈ অন্তঃসত্ত্বা হয় তেতিয়াই গোবিন্দৰ ঘৰত উল্লাসৰ সৃষ্টি হয়। গোবিন্দই এই সন্দৰ্ভত কয়, ‘পিতৃ হোৱাৰ খুবেই আশা আছিল। এটা সন্তান মই হেৰুৱাইছো। তাৰপিছৰে পৰাই সন্তান এটাৰ আশা মোৰ আছিল। সেয়ে দ্বিতীয় বিবাহত মই মত দিলো। কিন্তু এতিয়া একেলগে তিনিটা সন্তান আহিব মই ভৱাই নাছিলো। এই সুখ মই ভাষাৰে বুজাই ক’ব নোৱাৰিম। তিনিওটা সন্তানেই সুস্থ হৈ উঠক মই তাৰেই কামনা কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ