অসম লাইভ ২৪ঃ ভক্তৰ বাবে খোল খাব পুৰী জগন্নাথ মন্দিৰ। যোৱা মাৰ্চ মাহৰ পৰাই বন্ধ আছিল পুৰী জগন্নাথ মন্দিৰ। কোভিড প্ৰ’ট’কল মানি মন্দিৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰে। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ পাছতেই কোভিডৰ নীতি-নিয়ম মানি খোলা হ’ব জগন্নাথ মন্দিৰ। কিন্তু বিদেশী পৰ্যটকে দৰ্শন কৰিব নোৱাৰিব মন্দিৰ। পুৰীৰ লোকসকলে ২৬ৰ পৰা ৩১ ডিচেম্বৰলৈ দ্বিতীয় পৰ্যায়ত মন্দিৰ দৰ্শনৰ সুবিধা লাভ কৰিব। কালেক্টৰ বলৱন্ত সিঙে জানিবলৈ দিয়া মতে ভক্তপ্ৰাণ ৰাইজে ২০২১ৰ ৩ জানুৱাৰীৰ পৰা মন্দিৰ দৰ্শন কৰিব পাৰিব। কিন্তু শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে মন্দিৰ দৰ্শনৰ অনুমতি নিষিদ্ধ। মন্দিৰ দৰ্শন কৰিবলৈ দেখুৱাব লাগিব কোভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ