অসম লাইভ ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ল অযোধ্যাৰ ৰামমন্দিৰ নিৰ্মাণৰ বাবে চান্দা সংগ্ৰহ কাৰ্যসূচী। শুকুৰবাবে এই কাৰ্যসূচী শুভাৰম্ভ কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকাৰ চেক বৰঙণি হিচাপে আগবঢ়াই। উল্লেখযোগ্য যে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এই চান্দা সংগ্ৰহ কৰা কাৰ্যসূচী আজিৰে পৰা ফেব্ৰুৱাৰী ২৭ তাৰিখলৈ চলিব য’ত দেশৰ প্ৰায় ১৩ কোটি পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য কৰি লোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ