অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম
ক্ৰিকেট জগতত কেতিয়া কি ঘটনা ঘটে সেয়া কোনেও নাজানে, কেতিয়াবা কোনো পাকৈত খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰি ৰেকৰ্ড গড়ে। আৰু কেতিয়াবা কোনো খেলুৱৈয়ে নিকৃষ্ট প্ৰদৰ্শন কৰি ৰেকৰ্ড গড়ে। এইবাৰো তেনেই এক ঘটনা সংঘটিত হৈছে।
ক্ৰিকেট বুলিলেই সকলোৱে জানে এটা অভাৰত কেইটা বল থাকে। সাধাৰণতে এটা অভাৰত ৬ টা বল থাকে , যদিও কেতিয়াবা ৱাইড বল হৈ অভাৰটো ৭ বা ৮ টা বললৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
কিন্তু সদ্যহতে এগৰাকী খেলুৱৈয়ে ইমানেই নিকৃষ্ট প্ৰদৰ্শন কৰিলে যে, এটা অভাৰতে বহু কেইটা ৱাইড দি অৱশেষত ১৮ টা বলেৰে সমাপন কৰিলে এটা অভাৰ। যি ঘটনাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সকলোৱে এই ঘটনাক লজ্জাজনক আখ্যা দিছে।
https://x.com/cricstate/status/1950272010799419504
ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ২০২৫ৰ প্ৰতিযোগিতাত এই ঘটনা সংঘটিত হৈছে। প্ৰতিযোগিতাখনৰ ১৪ সংখ্যক মেচখন ২৯ জুলাইত অষ্ট্ৰেলিয়া চেম্পিয়ন আৰু পাকিস্তান চেম্পিয়নৰ মাজত অনুষ্ঠিত হৈছিল।
এই খেলখনত অষ্ট্ৰেলিয়া চেম্পিয়ন ১০ উইকেটত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই খেলতেই অষ্ট্ৰেলিয়াৰ দলৰ এগৰাকী খেলুৱৈয়ে লজ্জাজনক অভাৰটো কৰে।
প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়া চেম্পিয়ন দলে ২০ অভাৰো সম্পূৰ্ণ খেলিব নোৱাৰে। মাথো ১১.৫ অভাৰতে কিউটা উইকেট হেৰুৱাই ৭৪ ৰানতে ইনিংছ সামৰে। কিন্তু যেতিয়া পাকিস্তানে বেট ধৰে তেতিয়াও নিৰাশ কৰে অষ্ট্ৰেলিয়া দলে।
অষ্ট্ৰেলিয়াৰ হৈ জন হেষ্টিংগছে এই আচৰিত অভাৰটো কৰে। য’ত আছিল ১২ টা ৱাইড। উল্লেখ্য যে, এই খেলখনত অষ্ট্ৰেলিয়া দলটোৰ কেপ্টেইন আছিল অষ্ট্ৰেলিয়াৰ ইতিহাসৰ অন্যতম সফল বলাৰ ব্ৰেট লী। ব্ৰেট লীয়েও জন হেষ্টিংগছৰ ইনিংগছ দেখি হতভম্ব হৈ পৰে। এতিয়া সমগ্ৰ বিশ্বৰ সমুখতে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে জন হেষ্টিংগছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















