মায়ংকৰ ভাগ্য, মাৰ্চত দৰ্শক হৈ খেল চাইছিল আই চি বিৰ খেল, জুনত সেই দলৰেই হৈ তুলি ধৰে পদক
কাৰ ভাগ্যত কি লিখা আছে, সেয়া কোনেও নাজানে। বিধাতাই লিখি থোৱা কথন কোনোদিনে খণ্ডন নাযায় বুলি কোৱা হয়। তেনেই এক ঘটনা ঘটিল বিজয়ী আৰ চি বি দলৰ অন্যতম সদস্য মায়ংক আগৰৱালৰ সৈতে। কোনো দলেই ক্ৰয় নকৰা মায়ংক হৈ পৰিল বিজয়ী দলৰ সদস্য।
চলিত বৰ্ষৰেই মাৰ্চ মাহত দৰ্শকৰ আসনত বহি উপভোগ কৰিছিল আই পি এল খেল। ২২ মাৰ্চত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ প্ৰথমখন খেল কলকাতা আৰু আৰ চি বিৰ খেল উপভোগ কৰিছিল মায়ংকে। তেতিয়া মায়ংক কোনো এটা দলৰেই সদস্য নাছিল।
কিন্তু ভাগ্যই মায়ংকক খেলপথাৰলৈ টানি আনিলে। শেষত আৰ চি বিৰ বিজয়ী দলৰ সদস্য হৈ পৰে মায়ংক। মেগা নিলামৰ সময়ত মায়াংকক কোনো দলে ক্ৰয় কৰা নাছিল। সাধাৰণ অনুৰাগীৰ দৰে মাৰ্চ মাহত আই পি এলৰ খেল চাবলৈ আহিছিল।
কিন্তু পাছত আৰ চি বিৰ বাওঁহতীয়া বেটছমেন দেৱদত্ত পদ্দিকাল আঘাতৰ বাবে দলৰ পৰা আঁতৰি যায়। তাতেই ভাগ্যৰ চকৰি ঘূৰে মায়ংকৰ। পদ্দিকালৰ সলনি মায়ংকক দলত অন্তৰ্ভুক্ত কৰা হয়। যাৰ ফলত মায়ংক শেষৰ চাৰিখন মেচত খেলাৰ সুযোগ লাভ কৰে।
এই চাৰিখন খেলত আগৰৱালে মুঠ ৯৫ ৰান সংগ্ৰহ কৰে। কিন্তু এই ৪ খন খেলৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ ইনিংছ খেলে। লক্ষ্ণৌৰ বিৰুদ্ধে ৪১ ৰানৰ ইনিংছ খেলিছিল মায়ংকে। জিতেশ শৰ্মাৰ সৈতে অপৰাজিত শতকীয় অংশীদাৰিত্ব কৰি দলটোক জয়ৰ দিশে আগুৱাই নিছিল মায়ংকে।
পিছত ফাইনেল খেলখনত মায়ংকে ১৮টা বলত ২৪ ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। শেষত আৰ চি বি চেম্পিয়ন হয়, আৰু মায়ংকে তুলি ধৰে বিজয়ী পদক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















