শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু
ছচিয়েল মিডিয়াৰ ইনফ্লুয়েনচাৰ তথা বলীউডৰ তাৰকা সকলৰ মাজত জনপ্ৰিয় অৰী ওৰফে অৰহান অৱত্ৰামণিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ জম্মুৰ মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল অৰী।
পাছে সেই ধৰ্মীয় যাত্ৰাৰ সময়তে অৰীৰ বিৰুদ্ধে কাটৰাৰ এটা বেছ কেম্পত সুৰা সেৱনৰ অভিযোগ। অৰীসহ আন ৮জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে এই ঘটনা সন্দৰ্ভত।
সংবাদ সংস্থা এএনআইৰ মতে, ‘জম্মু-কাশ্মীৰ আৰক্ষীৰ মতে, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী অৰীকে ধৰি আঠজন লোকৰ বিৰুদ্ধে কাটৰাৰ এখন হোটেলত মদ্যপান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে’।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাটৰাৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ বেছ কেম্পত সুৰা সেৱন কৰা অৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অৰীৰ উপৰিও আন ৮ জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত আছে এজন ৰাছিয়াৰ নাগৰিক। আইন অনুসৰি এই তীৰ্থস্থানত সুৰা আৰু নিৰামিষ খাদ্যৰ সেৱন কঠোৰভাৱে নিষিদ্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ