• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

4 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

4 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

6 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

8 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

9 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

11 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

11 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

editor by editor
September 9, 2022
in বিশ্ব, ৰাজনীতি
0
৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে সন্ধিয়া বালমোৰাল দুৰ্গত মৃত্যু হয় ব্ৰিটেইনৰ আটাইতকৈ দীৰ্ঘদিনীয়া শাসক ৰাণী এলিজাবেথ দ্বিতীয়ৰ। মৃত্যুৰ সময়ত ৯৬ বছৰ বয়স হোৱা ৰাণী এলিজাবেথে প্ৰায় ৭০ বছৰৰো অধিক কাল ৰাজত্ব ধৰি ব্ৰিটেইনৰ ৰাণী হিচাপে সিংহাসনত অধিষ্ঠিত হৈ আছিল। ১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত পিতৃ ৰজা ষষ্ঠ জৰ্জৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত আৰোহণ কৰে।

সিংহাসনত বহাৰ সাতটা দশকত শেহতীয়াকৈ নিযুক্তি লাভ কৰা লিজ ট্ৰাছকে ধৰি ১৫ গৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অধীনত কাৰ্যনিৰ্বাহ কৰিছিল। যিটো এক বিৰল অভিলেখ হিচাপে স্বীকৃত হৈছে৷

ৰাণী এলিজাবেথ দ্বিতীয় যেতিয়া সিংহাসনত বহিছিল, তেতিয়া উইষ্টন চাৰ্চিল গ্ৰেইট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল। ১৯৫৫ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়ক এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

ৰাণীৰ অধীনত কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীসকলৰ তালিকা ইয়াত দিয়া হ’ল—

১. উইন্সটন চাৰ্চিল, ১৯৫১-১৯৫৫।

২. এন্থনী ইডেন, ১৯৫৫-১৯৫৭ চন।

৩. হেৰল্ড মেকমিলান, ১৯৫৭-১৯৬৩।

৪. এলেক ডগলাছ-হোম, ১৯৬৩-১৯৬৪।

৫. হেৰল্ড উইলছন, ১৯৬৪-১৯৭০।

৬. এডৱাৰ্ড হিথ, ১৯৭০-১৯৭৪ চন।

৭. জেমছ কেলাগান, ১৯৭৬-১৯৭৯ চন।

৮. মাৰ্গাৰেট থেচাৰ, ১৯৭৯-১৯৯০ চন।

৯. জন মেজৰ, ১৯৯০-১৯৯৭ চন।

১০. টনি ব্লেয়াৰ, ১৯৯৭-২০০৭।

১১. গৰ্ডন ব্ৰাউন, ২০০৭-২০১০।

১২. ডেভিড কেমেৰন, ২০১০-২০১৬।

১৩. থেৰেছা মে, ২০১৬-২০১৯।

১৪. বৰিছ জনছন, ২০১৯ৰ পৰা ২০২২ চনলৈ।

১৫. লিজ ট্ৰাছ, ছেপ্টেম্বৰ ২০২২ চনৰ পৰা বৰ্তমানলৈকে।

যোৱা ৬ ছেপ্টেম্বৰত ৰাণী এলিজাবেথ দ্বিতীয়ে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া ট্ৰাছক দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজত্বকালত কাৰ্যনিৰ্বাহ কৰা ১৫ সংখ্যক তথা শেষৰগৰাকী প্ৰধানমন্ত্ৰী।

লগতে পঢ়ক ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

বাকিংহাম পেলেছে বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাত (১৭৩০ জিএমটি) এক বিবৃতিত কয় যে আজি বিয়লি বালমোৰালত ৰাণীৰ মহাপ্ৰয়াণ ঘটে। ৰাণীৰ মৃত্যুৰ লগে লগে ৱেলৰ প্ৰাক্তন ৰাজকুমাৰ চাৰ্লছ ব্ৰিটেইনৰ ৰজা হয়। উল্লেখযোগ্য যে ৰাণী এলিজাবেথৰ চাৰিটা সন্তানৰ ভিতৰত ৰজা চাৰ্লছ হৈছে জ্যেষ্ঠ সন্তান।

সদ্যপ্ৰয়াত ৰাণী এলিজাবেথৰ বিষয়ে কেইটামান আকৰ্ষণীয় তথ্য ইয়াত সন্নিৱিষ্ট কৰা হ’লঃ—

১. ৰাজপ্ৰসাদত হোৱা নাছিল এলিজাবেথৰ

ইয়ৰ্কৰ ড্যুক আৰু ডাচেছ, তেতিয়াৰ ভৱিষ্যত ৰজা ষষ্ঠ জৰ্জ আৰু ৰাণী এলিজাবেথ (ৰাণী মাতৃ)ৰ প্ৰথম সন্তান আছিল যদিও দ্বিতীয় ৰাণী এলিজাবেথৰ জন্ম ৰাজপ্ৰসাদত নাছিল৷ ১৯২৬ চনৰ ২১ এপ্ৰিলত তেওঁৰ স্কটিছ মাতৃৰ ফালৰ পৰা ককা-আইতাক আৰ্ল আৰু কাউণ্টেছ অৱ ষ্ট্ৰেথম’ৰৰ এটা টাউনহাউচতহে তেওঁ জন্মগ্ৰহণ কৰিছিল।

২. ঘৰতে শিক্ষা গ্ৰহণ

১৯৩০ চনত জন্মগ্ৰহণ কৰা একমাত্ৰ ভগ্নী ৰাজকুমাৰী মাৰ্গাৰেটৰ সৈতে ৰাণী এলিজাবেথ দ্বিতীয়ই ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল। দুয়োগৰাকী ৰাজকুমাৰীয়ে তেওঁলোকৰ মাতৃ আৰু তেওঁলোকৰ গৱৰ্ণৰ মেৰিয়ান ক্ৰফ’ৰ্ডৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিছিল। ইতিহাস, ভাষা, সাহিত্য, সংগীত আদিৰ ওপৰত তেওঁলোকক পাঠদান কৰা হৈছিল।

৩. পিতৃৰৰ মৃত্যুৰ সময়ত তেওঁ কেনিয়াত আছিল

১৯৫২ চনত পিতৃ ৰজা ষষ্ঠ জৰ্জৰ মৃত্যুৰ সময়ত ৰাণী এলিজাবেথ দ্বিতীয়ে স্বামী ৰাজকুমাৰ ফিলিপৰ সৈতে কেনিয়াত আছিল।

৪. ২৫ বছৰ বয়সত ৰাণী হৈছিল

১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত এলিজাবেথ স্বামী ৰাজকুমাৰ ফিলিপৰ সৈতে কেনিয়া ভ্ৰমণলৈ যোৱাৰ সময়তে তেওঁৰ পিতৃ ৰজা ষষ্ঠ জৰ্জ ৫৬ বছৰ বয়সত মৃত্যু হয়। ১৯৫৩ চনৰ ২ জুনত মধ্য লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেত দ্বিতীয় ৰাণী এলিজাবেথক মুকুট পিন্ধোৱা হয়।

৫. ৰাজ অভিষেকৰ পিছত সাতখন স্বাধীন কমনৱেলথ দেশৰ মুৰব্বী 

সিংহাসনত অধিষ্ঠিত হৈয়ে ২৫ বছৰীয়া ৰাণী এলিজাবেথ দ্বিতীয় ৭ খন স্বাধীন কমনৱেলথ দেশৰ ৰাণী হৈ পৰে। এই দেশসমূহ আছিল যুক্তৰাজ্য, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, আৰু চিলন (বৰ্তমান শ্ৰীলংকা) আৰু লগতে ৰাষ্ট্ৰসংঘৰ মুৰব্বী।

লগতে পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

৬. ৰিপাব্লিক অৱ আয়াৰলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ব্ৰিটিছ শাসক

২০১১ চনত আয়াৰলেণ্ড ৰিপাব্লিক ভ্ৰমণ কৰা ৰাণী এলিজাবেথ দ্বিতীয়ই ১৯২২ চনত স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ প্ৰথমগৰাকী ব্ৰিটিছ শাসক হিচাপে পৰিগণিত হয়।

৭. হীৰক জয়ন্তীৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ

জুন মাহত হীৰক জয়ন্তী উপলক্ষে চাৰিদিনীয়া পাৰ্টিৰ পূৰ্বে ৰাণী এলিজাবেথ দ্বিতীয় ব্ৰিটেইনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰিছিল, আনহাতে আন ৰজাঘৰীয়াসকলে সমগ্ৰ কমনৱেলথ ভ্ৰমণ কৰিছিল।

৮. ৫৪ খন কমনৱেলথ ৰাষ্ট্ৰৰ মুৰব্বী

কমনৱেলথত ৫৪ খন দেশ আছে আৰু ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পূৰ্বে এই দেশসমূহৰ মুৰব্বী আছিল। তেওঁৰ পিতৃ ৰজা ষষ্ঠ জৰ্জ আছিল প্ৰথমজন ৰজা যাক আনুষ্ঠানিকভাৱে কমনৱেলথৰ মুৰব্বী হিচাপে অধিষ্ঠিত কৰা হৈছিল।

৯. ইতিহাসৰ আটাইতকৈ ভ্ৰমণকাৰী ৰাণী

এগৰাকী শাসক তথা ৰাণী হিচাপে ব্যক্তিগত সৰ্বাধিক দেশ ভ্ৰমণ কৰাৰ অভিলেখ ৰাণী এলিজাবেথ দ্বিতীয়ৰ হাততে আছে। তেওঁ ছয়খন মহাদেশৰ ১২০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছিল। ১০. আটাইতকৈ দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসক

১০. আটাইতকৈ দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসক

দ্বিতীয় ৰাণী এলিজাবেথে মুঠ ৭০ বছৰ সাত মাহৰ ৰাজত্ব কৰিছিল৷ দীৰ্ঘকাল ৰাজত্ব কৰা ব্ৰিটিছ শাসক হিচাপে এলিজাবেথ দ্বিতীয়ই  অভিলেখ গঢ়ি গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamQueen Elizabeth II
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
Next Post
নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.