শ্যেন নদীৰ তীৰত ইমানদিনে কবিতা লিখিছিল কবিয়ে৷ সেই নদীয়ে যুগ যুগ ধৰি সাক্ষী হৈ আহিছে বহু প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্সৰ পৰা বিষাদকে আদি কৰি বহু ব্যক্তিগত সময়ৰ৷ সেইসমূহ ছবি হৈ আছে মিউজিয়াম, কোনোবা প্ৰেমিকৰ ড্ৰয়িংৰূমত নতুবা কোনো প্ৰেয়সীৰ গোপন মানসপটত৷ শ্যেন নদীৰ সৌন্দৰ্যত কোনো যদি মুগ্ধ হোৱা নাই তেন্তে তেওঁ আচৰিত ব্যক্তিয়েই হ’ব লাগিব৷ এই নদীয়েই এইবাৰ অলিম্পিকৰ প্ৰতীক৷ সেই নদীৰ ৬ কিঃমিঃ জুৰি বহুওৱা হৈছে উদ্বোধনী আচবাব৷ পেৰিছৰ ঐতিহ্য, ইতিহাস, ওম সকলো একাকাৰ হৈ পৰিব৷ মাৰ্চপাষ্টত ব্যৱহাৰ হ’ব একাধিক সৰু সৰু নৌকা৷ সকলোৰে অপেক্ষা এতিয়া লাইট, চাউণ্ড, একশ্ব্যন চাবৰ বাবে৷ আজিৰ নিশা শ্যেন নদী আকৌ এবাৰ প্ৰাণবন্ত হৈ উঠিব৷
কেৱল শ্যেন নদীতেই আৰম্ভণি আৰু শ্যেন নদীতেই শেষ হ’ব নেকি এইবাৰৰ অলিম্পিক? চাৰি বছৰ পাছত নতুন নতুন তাৰকা ওলাব শ্যেন নদীৰ পাৰৰ পৰা৷ চাৰি বছৰ পাছত আকৌ বিশ্ববিজয় কৰিবলৈ সাজু বিভিন্ন দেশৰ খেলুৱৈ৷ পুৰণি মহাতাৰকাই পূৰ্বৰ গৰিমা ধৰি ৰখাৰ বাবে অপ্ৰাণ চেষ্টা চলাব৷ কোনো মহাতাৰকাই আকৌ এইবাৰ শেষ কৰিব ক্ৰীড়া জীৱন৷ অলিম্পিক এনেকুৱাই৷ কেৱল পেৰিছতেই অলিম্পিকৰ উত্তেজনা আছে তেনে নহয়, অলিম্পিকৰ উত্তেজনা এতিয়া বিশ্বজুৰি৷ পেৰিছ অলিম্পিকত এইবাৰ কি কি বিশেষত্ব দেখা যাব সেই বিষয়টোক লৈয়ো চলিছে বিশ্বজুৰি আলোচনা৷
আমিষ নহয় নিৰামিষ খাদ্য খাব লাগিব প্ৰতিজন খেলুৱৈয়ে
বিশেষকৈ পেৰিছত খেলুৱৈৰ বাবে নিৰ্মাণ কৰা বিশেষ ৰান্ধনীশালৰ কথা খুবেই চৰ্চা হৈছে৷ আধুনিক পৃথিৱীত আমিষৰ সলনি নিৰামিষ খাদ্য দিয়া হ’ব এইবাৰ অলিম্পিকৰ প্ৰতিগৰাকী খেলুৱৈক৷ প্ৰাণীজ প্ৰটিনৰ প্ৰাচীন পন্থা সলনি কৰি নিৰামিষ খাদ্য দিয়াৰ কাৰণেই হৈছে পেৰিছৰ পৰিবেশ৷ গৰম পৰিবেশৰ প্ৰাণীজ প্ৰটিনে শৰীৰৰ অপকাৰ সাধিব পাৰে৷ ফ্ৰান্সেই প্ৰথমখন অলিম্পিক আয়োজক দেশ যিয়ে খেলুৱৈক কোনো আমিষ আহাৰ নিদিয়ে৷ মাংস আৰু দুগ্ধজাত খাদ্য বাতিল কৰি দিয়া হৈছে পেৰিছ অলিম্পিকৰ খেলুৱৈৰ খাদ্যত৷ এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ খেলুৱৈয়ে৷ বেছিভাগেই কিন্তু এই সিদ্ধান্তক স্বাগত জনাইছে৷ আমিষৰ বিকল্প হিচাপে পাস্তা, নুডলছ, চাউমিন সকলো থাকিব৷ থাকিব মছালাজাতীয় খাদ্য৷ কেৱল নাথাকিব মাংস, চিজ আৰু গাখীৰ৷
পেৰিছ অলিম্পিকত খাদ্য তালিকাত সবাতোকৈ বেছিকৈ থাকিব কল৷ ৩ মিলিয়ন কল এথলেটিকসকলৰ খাদ্য তালিকাত সংযোজন কৰা হৈছে৷ দিনৰ চাৰিবেলাই খাদ্য তালিকাত থাকিব কল৷ ২০ দিনীয়া এই খেলত যোগদান কৰিছে বিশ্বৰ ১০হাজাৰতকৈ বেছি খেলুৱৈয়ে৷ তেওঁলোকৰ পেট ভৰোৱাৰ বাবে কলেই সৰ্বাধিক দিয়া হ’ব খাদ্যত৷
৩ লাখ কণ্ডম খেলুৱৈক যোগান ধৰা হ’ব
অলিম্পিক আয়োজক দেশে কেৱল পেট ভৰোৱাৰেই দায়িত্ব লৈছে তেনে নহয়৷ মন আৰু শৰীৰক শান্ত ৰখাৰো দায়িত্ব আয়োজক দেশে লৈছে৷ গেমছৰ সময় ভিলেজত প্ৰেম-পৰিণয়ো অসাধাৰণ কথা নহয়৷ সেই কথা মূৰত ৰাখিয়েই আয়োজক সন্থাই ৩লাখ কণ্ডমো সাজু ৰাখিছে৷ টকিঅ’ গেমছৰ সময়ত কৰ’ণাৰ প্ৰভাৱ আছিল৷ সেই সময়তো ডেৰ লাখ কণ্ডম সাজু ৰাখিছিল আয়োজক দেশে৷ এইবাৰ সেই সংখ্যা বঢ়াই দ্বিগুণ কৰা হৈছে৷ এই কথাই বহুজনক অবাকো কৰিছে৷ একাংশই প্ৰকাশ কৰামতে এণ্টি ছেক্স বেডো থাকিব খেলুৱৈৰ বাবে৷ খেলুৱৈৰ মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবেই কণ্ডমৰ ব্যৱস্থা প্ৰয়োজনীয় বুলি দাবী আয়োজত সন্থাৰ৷ খেলুৱৈৰ লক্ষ্য হওক কেৱল সোণ, ৰূপ আৰু ব্ৰঞ্জ তাৰবাবে খেলুৱৈৰ শাৰীৰিক মানসিক দিশত গুৰুত্ব আৰোপ কৰিছে আয়োজক দেশে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ