• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

2 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

5 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

5 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

5 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

6 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

6 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

7 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

7 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

8 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

9 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

10 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

11 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ...! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

editor by editor
July 26, 2024
in ভাৰত, লেখা
0
সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণৰ চহৰ! এনে এখন ঠাই কল্পনাৰ জগতত নহয় ভাৰততেই আছে৷ এই স্থানত চৌদিশে পোৱা যায় সোণ৷ সোণৰেই খেতি৷ এই বিৰল ধাতু প্ৰায় ১০০ বছৰতকৈয়ো অধিক কাল ধৰি উৎপাদিত হৈ আহিছে আমাৰ দেশতেই৷ কোলাৰ গল্ড ফিল্ড বা চমুকৈ কেজিএফ৷ বক্স অফিচত খুবেই হীট ছবি কেজিএফতো এই এলেকাৰ কথাকেই তুলি ধৰা হৈছে৷ কেজিএফ ছবিখন মুকলি হোৱাৰ পাছতহে কৰ্ণাটকৰ এই এলেকাটোক লৈ আগ্ৰহ বাঢ়িছে জনতাৰ৷ ২০০১ চনৰ পাছত প্ৰায় ২১ বছৰ ধৰি কোনোৱে মনত ৰখা নাছিল কৰ্ণাটকৰ এই অঞ্চলক৷ সেই বিশেষ অঞ্চলটোক আকৌ প্ৰাণ দিয়াৰ বাবে আগবাঢ়িছে কৰ্ণাটক চৰকাৰ৷ কেজিএফৰ সেই সোণৰ খনি আকৌ নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷

বিগত সপ্তাহত কেজিএফ খনি নতুনকৈ খোলাৰ বাবে কৰ্ণাটক চৰকাৰে দিয়া প্ৰস্তাৱক কেন্দ্ৰই অনুমোদন দিছে৷ ইয়াৰোপৰি কেজিএফৰ হাজাৰ হাজাৰ একৰ জুৰি থকা ১৩ টা খনি আৰু বৰ্জ্যৰ পাহাৰ নিলামত তোলাৰো প্ৰস্তাৱ ৰাখিছে কৰ্ণাটক চৰকাৰে৷ কেজিএফৰ ১৩ খন বৰ্জ্য পাহাৰত প্ৰায় ৩.৩০কোটি টন নিষ্কাশিত বৰ্জ্য পৰি আছে বুলি অনুমান কৰিছে কৰ্ণাটক চৰকাৰে৷ বিশেষজ্ঞসকলৰ অনুমান যে প্ৰতি ১০০০ কিঃগ্ৰাঃ বৰ্জ্যৰ প্ৰক্ৰিয়াকৰণত প্ৰায় এক গ্ৰামকৈ সোন পোৱা যাব৷ বিগত সপ্তাহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ সভাপতিত্বত মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰৰ তৰফৰ পৰা কেজিএফ খনি নতুনকৈ আৰম্ভ কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনাও হৈছে৷ ইয়াৰ পাছতেই বিশেষ প্ৰস্তাৱত ছিলমোহৰ মাৰিছে চৰকাৰে৷

উল্লেখ্য যে কেজিএফৰ খনিসমূহ ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ৰ অন্তৰ্ভূক্ত৷ ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ এক চৰকাৰী সংস্থা৷ যিয়ে ১৯৭২ চনত কেজিএফতেই জন্ম লাভ কৰিছিল৷ কেজিএফৰ খনিৰ কাৰ্যক্ৰম বন্ধ হৈ যোৱাৰ পাছৰে পৰাই গুৰুত্ব হেৰুৱাই এই সংস্থাইয়ো৷ সোনৰ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ বাবে ২০১৫ চনত কেন্দ্ৰৰ তৰফৰ পৰা ‘ভাৰত গোল্ড মাইনছ লিমিটেড’ক পুৰণি সোনৰ খনিসমূহ আকৌ ন’কৈ আৰম্ভ কৰাৰ বাবে আহ্বান জনাই৷

এই আহ্বানৰ পাছতেই কেজিএফ আৰম্ভ কৰিবলৈ যো জা চলাইছে কেন্দ্ৰই৷ কৰ্নাটকৰ আইন আৰু সংসদীয় বিষয়ক মন্ত্ৰী এইছ পাটিলে এই সন্দৰ্ভত কয়, ‘কেজিএফ খনি নতুনকৈ আৰম্ভ হ’লে বিপুল সংখ্যক মানুহে চাকৰি লাভ কৰিব৷’ এসময়ত সোনৰ বিচ্ছুৰণে পোহৰাই ৰখা কেজিএফ চহৰ বৰ্তমান এখন মৃত উপত্যকা৷ চাৰিওফালে অন্ধকাৰ৷ কান্নাড়া চিনেমা কেজিএফেও বহুবাৰ এই এলেকাখনক নৰক বুলি কৈছে৷ অথচ এই কেজিএফেই এদিন ভাৰত চৰকাৰৰ গৰ্বৰ চহৰ আছিল৷ সোনৰ চহৰ কেজিএফ বুলি বিদেশত পৰিচয় দিছিল৷ কেজিএফক দেখুৱাইয়ে বিশ্ব বেংকৰ পৰা ঋণো লৈছিল ভাৰতে৷

সেই উজলি থকা চহৰখনৰ কেনেকৈ পতন হ’ল সেই সন্দৰ্ভতো বহুতেই জানিবলৈ আগ্ৰহী হৈ থাকে৷ কৰ্ণাটকৰ কোলাৰ গল্ড ওৰফে কেজিএফ এসময়ত আছিল কোলাৰ নামৰ এখন গাওঁ৷ মাটিৰ তলত বাদেই এই গাওঁৰ ধূলিতো সোণৰ গুৰি আছিল এসময়ত৷ এই বিশ্বাসৰ পৰাই এসময়ত বহুতৰে চকু পৰিল কোলাৰ গাওঁত৷ এটাৰ পাছত এটা শক্তিশালী গোষ্ঠীয়ে এই কোলাৰ গাওঁত ৰাজত্ব চলাইছিল৷ এটা এটা শাসনকাল ৮০০ বছৰৰ পৰা হাজাৰ বছৰ ধৰি চলিছিল বুলিও কৰ্ণাটকৰ একাংশই দাবী কৰে৷ শাসকৰ নীতিৰ জোৰত এই শাসনৰ অন্ত পৰিল৷ সেই সোণৰ ৰাজ্যৰ কামকাজ আৰম্ভ হৈছিল পোনতে ১৮৭৫ চনত৷

মাইকেল ফিৎজগেৰাল্ড লাভেল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিটিছ সৈনিকে প্ৰথম কোলাৰৰ মাটিৰ তলত থকা সোন তোলাৰ বাবে কাম আৰম্ভ কৰিছিল৷ কোলাৰত সোনৰ ইতিহাস হৈ বিভিন্ন তথ্য সমৃদ্ধ প্ৰমাণ সমৃদ্ধ এখন গ্ৰন্থও লিখিছে ব্ৰিটেইনৰ ইতিহাসবিদে৷ সেই গ্ৰন্থ লাভেলে পঢ়িছিল৷ কোলাৰৰ পুৰণি ইতিহাস চাই তেওঁ ঠিক কৰে যে কোলাৰৰ মাটিৰ তলত সোন আছেনে নাই সেই পৰীক্ষা কৰিব৷ ভৱামতেই পৰীক্ষা চলিত৷ আৰু সেই পৰীক্ষাত তেঁও সফলো হ’ল৷ কিন্তু খনিৰ পৰা সোন ওলিওৱাৰ বাবে প্ৰচুৰ পৰিমানে অৰ্থৰ প্ৰয়োজন হৈছিল৷ মাইকেলৰল সেই সামৰ্থ নাছিল৷ তিনি জন টেলৰ এণ্ড ছনচ নামৰ ব্ৰিটেইনৰ এটা সংস্থাৰ কোলাৰৰ এই খনি বিক্ৰি কৰি দিয়ে মাইকেলে৷ ১৮৮০ চনত সেই ব্ৰিটিছ সংস্থাৰ হাতত ধৰিয়েই আৰম্ভ হয় কেজিএফৰ কাম৷ মূল চহৰৰ পৰা ১০০ কিঃমিঃ দূৰৈৰ কোলাৰ গাওঁ হৈ উঠে চমকি থকা সোনৰ চহৰ৷ পৰিচয় কেজিএফ৷

কেজিএফ চহৰ হৈ নুঠিলেও নামী দামী মানুহ কোলাৰলৈ যাত্ৰা কৰিব ধৰিছে৷ কিন্তু অত্যাধুনিক কোনো সুবিধা গঢ়ি নুঠিল কোলাৰত৷ ব্ৰিটিছ কৰ্মচাৰীসকলে সেই কোলাৰক মিনি ইংলেণ্ড নাম দিলে৷ কোলাৰ আছিল দেশৰ প্রথম চহৰ য’ত প্ৰথম বিদ্যুৎ সংযোগ কৰা হৈছিল৷ সেয়াই নহয়, কোলাৰলৈ জাপানৰ টকিঅ’ৰ পাছত কোলাকেই এছিয়াৰ দ্বিতীয় চহৰ যত বিদ্যুৎৰ সুবিধা সেই সময়তেই গঢ়ি উঠিছিল৷ খনিৰ কামৰ বাবে কাবেৰী নদীৰ ঝৰ্ণাত জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিছিল ব্ৰিটিছ চৰকাৰে৷ ইয়াৰোপৰি খনিলৈ পানী সৰবৰাহৰ বাবে কোলাৰত এটা হ্ৰদো খান্দিছিল ব্ৰিটিছ কোম্পানীটোৱে৷ মুঠতে কি নাছিল কোলাৰত৷ গলফ খেলা ফিল্ড, হাস্পতাল, ইংৰাজী মাধ্যমৰ স্কুল, কলেজ, কনভেন্ট স্কুল, ক্লাব, মনোৰঞ্জনৰ নানান ব্যৱস্থা৷ তৈয়াৰ কৰা হৈছিল ব্ৰিটিছৰ বাবে নতুন নতুন বাংলো৷ যাৰবাবে এই মিনি ইংলেণ্ডত প্ৰৱেশাধিকাৰ নাছিল খনিত কাম কৰা শ্ৰমিকৰ৷ শ্ৰমিকসকলৰ কোলাৰৰ সেই চহৰৰ পৰা আঁতৰাই ৰখা হৈছিল৷ সাজি দিয়া হৈছিল সৰু সৰু জুপুৰি একোটা৷ এই এলেকাৰ নাম দিয়া হৈছিল কুলি বস্তি৷ ঘৰবোৰৰ নাম আছিল ছান্টি? তাতেই কষ্টেৰে দিন কটাইছিল শ্ৰমিকে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সেই খনিত কাম কৰিবলৈ শ্ৰমিক অনা হৈছিল৷ কাৰণ দেশৰ ভিতৰত কোলাৰতেই আছিল প্ৰথমটো ডাঙৰ ইণ্ডাষ্ট্ৰী৷

১৯০২ চন পৰ্যন্ত মুঠ সোন উৎপাদনৰ ৯৫ শতাংশ কোলাৰৰ পৰাই হৈছিল৷ শেষবাৰ কেজিএফত সোন খন্দা হৈছিল ২০০১ চনত৷ ধীৰে ধীৰে সেই আধুনিক চহৰত বয়সৰ আঁচোৰ পৰিল৷ লাহে লাহে ম্লান পৰি গৈ থাকিল ঐতিহ্য৷ ১৮৭৫ চনত প্রথম খনন আৰম্ভ হৈছিল কেজিএফত৷ তাৰপাছত ১৯৫৬ চন পৰ্যন্ত সোন তুলিছিল ব্ৰিটিছ সংস্থাই৷ সেই সময়ত কেজিএফৰ সোন উৎপাদন ধীৰে ধীৰে কমিবলৈ ধৰে৷ প্ৰথমে মাটিৰ এক কিঃমিঃ তলতেই সোন পোৱা গৈছিল৷ পাছলৈ সেই গাঁত ক্ৰমে গভীৰ হৈ গৈ থাকে৷ প্ৰথমে দুই কিঃমিঃ তাৰপাছত তিনি কিঃমিঃ৷ এছিয়াৰ আৰু কোনো এলেকাতেই ইমান গভীৰ সোনৰ খনি পোৱা নাযায়৷

লাহে লাহে সেই এলেকাত সোনৰ উৎপাদন কমিবলৈ ধৰিলে৷ এক টন আকৰিকৰ পৰা অন্তত ৪৫ গ্ৰাম সোন পোৱা ঠাইত লাহে লাহে সোণৰ পৰিমাণ কমিবলৈ ধৰিলে৷ তেতিয়ালৈ খনিৰ দায়িত্ব ভাৰত চৰকাৰৰ হাতলৈ আহিছিল৷ ১৯৭২ চনত কেজিএফৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে ভাৰতীয় গোল্ড মাইন লিমিটেডে৷ কিন্তু কেজিএফত সোণৰ উৎপাদনতকৈ খৰচৰ পৰিমান বাঢ়ি গ’ল৷ কিন্তু তেতিয়াও কেজিএফত সোণ আছিল৷ অনাবশ্যক খৰচ কমাবলৈ চৰকাৰে বিভিন্ন বৈজ্ঞানিক পৰীক্ষানিৰীক্ষা চলালে কেজিএফত৷ ১৯৬০ আৰু ১৯৯২ চনত কেইবাটাও পৰীক্ষা সেই স্থানত কৰা হয়৷
কোলাৰ এখন চহৰ হিচাপে তেতিয়াও থাকি যাব পাৰিলহেতেন৷ কিন্তু সেয়া নহ’ল৷ কাৰণ খনি বন্ধ কৰাৰ বাবে যি বৈজ্ঞানিক প্ৰক্ৰিয়া সেয়া মানি চলা নহ’ল কেজিএফত৷ সাধাৰণতে খনি এলেকাত ৰাসায়নিকৰ অতিৰিক্ত ব্যৱহাৰৰ বাবে এলেকাৰ স্বাভাৱিক পৰিবেশ নষ্ট হয়৷ কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি যেতিয়া কোনো খনি বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া বিভিন্ন বৈজ্ঞানিক প্ৰক্ৰিয়াৰে পৰিবেশ পুনৰোদ্ধাৰৰ চেষ্টা কৰা হয়৷ কোলাৰত সেয়া নকৰিলে৷ ২০০১ চনত ভাৰত গোল্ড মাইন লিমিটেড আৰু ভাৰত আৰ্থ মুভাৰছ লিমিটেডে কেজিএফ সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ কেজিএফ বন্ধৰ পাছতেই লাহে লাহে বন্ধ হৈ যায় হাস্পতাল, স্কুল, ক্লাব সকলোবোৰ৷
কোলাৰৰ মাটিৰ তলত নামি সোন খান্দিবলৈ যোৱা ব্যক্তিসকল জীয়াই আছেনে সেই খবৰ আৰু কোনোৱে নাৰাখিলে৷ খনি আৰু খননৰ গাঁতসমূহ তেনেকৈয়ে পৰি থাকিল৷ নিৰুপায় শ্ৰমিকসকলে সেই বিষয়ে বহুতৰে কাষ চাপিল যদিও কোনো ফল নাপালে৷ বিগত ২৩ বছৰ সেই কেজিএফ এক মৰিশালি হৈ আছে৷ কোলাৰৰ বাসিন্দাৰ ঘৰে ঘৰে আছে কৰ্কট ৰোগী৷ একালৰ খনিৰ বিষাক্ত পৰিবেশে ছায়নাইডৰ দৰে ভয়ংকৰ ৰাসায়নিকে প্ৰাণ লৈছে শ্ৰমিকৰ৷ এই স্থানত সেয়ে আজিও আছে কৰ্কট ৰোগী৷ চিকিৎসাৰ অভাৱতেই আজিও এটাৰ পাছত এটা প্ৰাণ গৈয়েই আছে কোলাৰত৷ হাতত কাম নাই, ধনৰ অভাৱ, খাদ্যৰ নাটনিৰ মাজত চিকিৎসাৰ কথাতো ভাৱিবই নোৱাৰে৷
স্থানীয়লোকৰ দাবী যে কেজিএফৰ বৰ্জ্য পাহাৰসমূহত মিহলি হৈ আছে ছায়েনাইড৷ যিয়ে ধূলি হৈ উৰি কৰ্কট ৰোগীৰ সংখ্যা বঢ়াইছে৷ যাৰবাবে হাঁওফাওঁৰ কৰ্কট বেছিকৈ হৈছে কোলাৰৰ বাসিন্দাৰ৷ বৰষুণ দিলেই সেই পানী তললৈ নামি আহে৷ সেয়ে কৃষিও নহয়৷ তাৰ মুঠ ৪০০ টা শ্ৰমিক কলনিত প্ৰায় আঢ়ৈ লাখ মানুহে বসবাস কৰে৷ এওঁলোকৰ ওচৰত এতিয়া কোনো নিৰ্দিষ্ট কাম নাই৷ সেই মৃতপ্ৰায় বাসিন্দাসকললৈ এইবাৰ আকৌ ভালখবৰ আনিছে কৰ্ণাটক চৰকাৰে৷ কেজিএফক নকৈ সজোৱাৰ পৰিকল্পনাও চলিছে৷  মৰি যোৱা সোণৰ চহৰ আকৌ উজলি উঠিব বুলি জনাইছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
ভৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈ উভতি নহাটোক নিয়তিৰ পৰিহাস বুলিয়েই ধৰি লোৱা ভাল! ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ কি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

ভৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈ উভতি নহাটোক নিয়তিৰ পৰিহাস বুলিয়েই ধৰি লোৱা ভাল! ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ কি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.