শোকাৱহ, চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱালে ১১ গৰাকী প্ৰাৰ্থীয়ে
এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। চৰকাৰী চাকৰিৰ শাৰীৰিক পৰিক্ষাৰ সময়ত প্ৰাণ হেৰুৱাই ১১ গৰাকীকৈ পৰিক্ষাৰ্থীয়ে। ইয়াৰ উপৰিও আন ৪৭ গৰাকী প্ৰাৰ্থী অচেতন হৈ পৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত।
কালি ১ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ঝাৰখণ্ড চৰকাৰে আবকাৰী কনিষ্টবল নিযুক্তি অভিযানৰ শাৰীৰিক পৰীক্ষা ৰাউণ্ডৰ সময়ত কেন্দ্ৰসমূহৰ দুটামান কেন্দ্ৰত ১১ জন প্ৰাৰ্থীৰ মৃত্যু হয়।
ঝাৰখণ্ডৰ আবকাৰী কনিষ্টবল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোৱা ২২ আগষ্টৰ পৰা ৰাজ্যখনৰ সমগ্ৰ ৰাঁচী, হাজৰিবাগ, পালামু, গিৰিডিহ, চাহেবগঞ্জ আৰু পূব সিংভূম জিলাৰ সাতটা কেন্দ্ৰত শাৰীৰিক পৰীক্ষা আৰম্ভ হয়।
পালামুত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গিৰিডিহ আৰু হাজৰিবাগত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও আই জি (অপাৰেচন) আমোল ভি হোমকাৰে জনোৱা মতে, ৰাঞ্চিৰ জাগুয়াৰ কেন্দ্ৰত এজনৰ মৃত্যু, আৰু ইষ্ট সিংভূমৰ মোছাবানি আৰু চাহেবগঞ্জ কেন্দ্ৰত এজনকৈ প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে।
৩০ আগষ্টলৈকে মুঠ ১,২৭,৭৭২ জন প্ৰাৰ্থীয়ে শাৰীৰিক পৰীক্ষাৰ বাবে উপস্থিত হৈছিল, ইয়াৰে ৭৮,০২৩ জনে এই পৰীক্ষা ক্লিয়াৰ কৰা বুলি জানিব পৰা গৈছে।
আনহাতে এইদৰে প্ৰাৰ্থীৰ মৃত্যু আৰু অচেতন হৈ পৰাৰ ক্ষেত্ৰত জানিব পৰা মতে, সকলো কেন্দ্ৰতে চিকিৎসকৰ দল, ঔষধ, এম্বুলেন্স, ভ্ৰাম্যমাণ শৌচাগাৰ আৰু খোৱাপানীকে ধৰি পৰ্যাপ্ত ব্যৱস্থা নিশ্চিত কৰা হৈছিল। তথাপি কৰ্তৃপক্ষৰ অপব্যৱস্থাপনাৰ বাবেই এই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাঁচীৰ এলবাৰ্ট এক্কা চ’কত জেএমএম নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিজেপি যুৱ শাখাই প্ৰতিবাদ সাব্যস্ত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ