অসম লাইভ২৪ঃ আগন্তুক ১২ অক্টোবৰ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশিৰ পাছত গোচৰ কৰিব কন্যা ৰাশিত। চন্দ্ৰই কন্যাত গোচৰ কৰাৰ ফলত শুক্লা যোগ আৰু ব্ৰক্ষ্ম যোগ তৈয়াৰ হ’ব। ইয়াৰোপৰি বৃহস্পতিবাৰে ফাল্গুনী নক্ষত্ৰও। বৃহস্পতিবাৰ বিষ্ণুৰ দিন হ’লেও কাল প্ৰদোষ ব্ৰত থকাত মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰো সম্ভৱনা আছে। জ্যোতিষ গণনা অনুসৰি কাল দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব এই ৫ৰাশিৰ জাতকে।
মিথুন ৰাশি
১২ অক্টোবৰ বিশেষ হ’ব মিথুন ৰাশিৰ জাতকৰ। পাবলগীয়া ধন লাভ কৰিব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে। অফিচৰ সহকৰ্মীৰ পৰা সহায় পাব। পৰিয়ালৰ সৈতে শুভ সময় কটাব এই ৰাশিৰ জাতকে।
কন্যা ৰাশি
বৃহস্পতিবাৰৰ পৰা ভাল সময় কটাব কন্যা ৰাশিৰ জাতকে। কোনো শুভ সংবাদ লাভ কৰাৰো সম্ভাৱনা। পুৰণা বন্ধুৰ সৈতে দেখা সাক্ষাৎ হ’ব পাৰে। আৰ্থিক লাভৰ সম্ভাৱনা। কাৰ্যালয়ত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে কোনো বৃহৎ সিদ্ধান্ত ল’লে সুফল পাব। এই সময় সকলো ফালৰ পৰাই শুভ হ’ব এই ৰাশিৰ জাতকৰ।
বৃশ্চিক ৰাশি
১২ অক্টোবৰত ব্ৰহ্মা যোগৰ প্ৰভাৱত লাভবান হ’ব বৃশ্চিক ৰাশিৰ জাতকসকল। নিজৰ কেৰিয়াৰক আৰু এঢাপ আগুৱাই নিয়াৰ যোগ আছে বৃশ্চিক ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত শত্ৰুক পৰাভূত কৰিব পাৰিব। নিজৰ দক্ষতা আৰু জ্ঞানেৰে আপুনি সকলোকে পৰাভূত কৰিব পাৰিব। সামাজিক মাধ্যমত ফলৱাৰ্ছৰ সংখ্যা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। প্ৰেমত শুভ।
ধনু ৰাশি
কাল প্ৰদোষ ব্ৰতত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব ধনু ৰাশিৰ জাতকে। সকলো কাম সহজেই সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে। নতুন বন্ধু লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব ধনু ৰাশিৰ জাতকে। সামাজিক সন্মান লাভৰো যোগ আছে। নতুন কোনো চাকৰিৰ খবৰ লাভ কৰিব পাৰে।
কুম্ভ ৰাশি
১২ অক্টোবৰত সৌভাগ্য আহিব কুম্ভ ৰাশিৰ জাতকলৈকো। পৰিয়ালৰ সৈতে শুভ সময় কটাব। ইয়াৰ ফলত আপুনি সুখী হৈ থাকিব। পূৰ্বৰ বিনিয়োগৰ পৰা অৰ্থ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। পৰিয়ালৰ সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব। পঢ়াশুনাত ভাল ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















