এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে এটি সন্তান জন্ম দিয়াৰ পিছতে সমগ্ৰ ঘটনাটোৱে দেশজুৰি চৰ্চা লাভ কৰিছে৷
উল্লেখ্য যে কিছুদিন পূৰ্বে তামিলনাডুৰ থাঞ্জাভৰৰ ৰাজা মিৰাচুদাৰ চৰকাৰী হাস্পতালত এগৰাকী কিশোৰীক অন্তঃসত্ত্বা অৱস্থাত ভৰ্তি কৰোৱা হৈছিল৷ হাস্পতালখনত ভৰ্তি কৰোৱাৰ পিছতে কিশোৰীগৰাকীয়ে এটি সন্তান জন্মা দিয়ে৷
ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে জন্ম দিয়া সন্তানটিৰ পিতৃ কোন তাকেলৈ প্ৰশ্ন উত্থাপন হয়৷ হাস্পতালখনত ইয়াকে লৈ সন্দেহৰ সৃষ্টি হোৱাৰ পিছতে হাস্পতালৰ কৰ্তৃপক্ষই আৰক্ষীৰ অৱগত কৰে৷
লগতে পঢ়ক ‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ
আৰক্ষীয়ে কিশোৰীগৰাকীক এই সম্পৰ্কে জেৰাৰ কৰাৰ পিছতে তেওঁ জন্ম দিয়া সন্তানটিৰ পিতৃৰ পৰিচয় উদ্ধাৰ হয়৷ কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ সন্তানটিৰ পিতৃ হ’ল এগৰাকী ১২ বছৰীয়া শিশু৷
কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ১২ বছৰীয়া শিশুটিৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছে৷
ইফালে শিশু পিতৃয়ে এয়া ধৰ্ষণ নহয়, তেওঁলোক দুয়োৱে সন্মতিসূচক যৌন সম্পৰ্ক স্থাপন কৰা বুলি দাবী কৰিছে৷
লগতে পঢ়ক গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!
আৰক্ষীয়ে প্ৰকাশ কৰিছে যে কোনো ধৰ্ষণৰ গোচৰ ৰুজু কৰা নহ’লেও মাতৃগৰাকী যিহেতু নাবালিকা সেয়ে আৰক্ষীয়ে POSCO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷
উক্ত গোচৰৰ ভিত্তিতে থাঞ্জাভৰ থানাৰ মহিলা আৰক্ষীয়ে ১২ বছৰীয়া শিশুটিক গ্ৰেপ্তাৰ কৰি এক চৰকাৰী আৱাসত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ