আইনী সংকটত পৰিছে বলিউদৰ বহুবল্কী তাৰকা ৰাখী সাৱন্ত৷ নিজৰ বহুবল্কিতাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থকা বলিউদৰ এই তাৰকাগৰাকীয়ে এইবাৰ আইনী জঞ্জালত সোমাই পৰিছে৷
ড্ৰামা কুইন খ্যাত ৰাখী সাৱন্তে জনজাতীয় সাজপাৰক অপমান কৰাৰ অভিযোগ উঠিছে৷ এই অভিযোগেৰে ইতিমধ্যে ৰাঁচিৰ এখন আৰক্ষী থানাত ৰাখী সাৱন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷
ৰাখী সাৱন্তে ঝাৰখণ্ডৰ এটা জনজাতিৰ পৰম্পৰাগত পোছাকক অপমানজকভাৱে পৰিধান কৰি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ আঅপলোড কৰিছিল৷ উক্ত পোছাকযোৰ পিন্ধি ৰাখীয়ে অপমানজনক মন্তব্য কৰাৰ লগতে ভেঙুচালি কৰাৰ অভিযোগ কৰিছে ঝাৰখণ্ড চেণ্ট্ৰল চাৰণ কমিটিয়ে৷
লগতে পঢ়ক এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!
কমিটিৰ সভাপতি অজয় তিৰ্কীয়ে কয় যে ৰাখী সাৱন্তে জনজাতীয় সম্প্ৰদায়টোক অপমান কৰাৰ লগতে জাতীয় আৱেগত আঘাত কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷
অভিযোগ অনুসৰি জনজাতীয় পোছাক পৰিধানৰ নামত ৰাখীয়ে অৰ্ধ নগ্ন হৈ ভিডিঅ’টো আপলোড কৰি কৈছিল, ‘‘হাই বন্ধুসকল, তোমালোকে মোক নতুন ৰূপত দেখিছা… আজি মোক জনজাতীয় ৰূপত চোৱা…৷’’
ৰাখীয়ে জনজাতীয় পোছাকৰ নামত অৰ্ধ নগ্ন পোছাক পিন্ধি সম্প্ৰদায়টোৰ নাৰীসকলকো অপমান কৰা বুলি অভিযোগ কৰিছে সংগঠনটোৱে৷
লগতে পঢ়ক লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন
অজয় তিৰ্কীয়ে লগতে কয় যে ৰাখী সাৱন্তে ক্ষমা ভিক্ষা নকৰিলে ইয়াৰ বিৰুদ্ধে ব্যাপকৰূপত প্ৰতিবাদ গঢ়ি তুলিব৷
ইফালে ৰাখী সাৱন্ত বিৰুদ্ধে অনুসূচীত জাতি আৰু জনজাতি(নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটোৰ সংগঠনটোৱে দাবী জনাইছে৷ উল্লেখ্য যে এই আইনৰ অধীনত গোচৰ ৰুজু কৰিলে ৰাখী সাৱন্তে আইনী সংকটত পৰাতো প্ৰায় নিশ্চিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ