চলিত বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰিছিল যোৰহাটৰ শতাব্দী কলিতাই৷ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই পৰিয়ালৰ সৈতে এই শুভ মুহূৰ্তবোৰ উদযাপন কৰাৰ সময়তে আহিছে এক বেয়া খবৰ৷
জানিব পৰা মতে বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ যোৰহাটস্থিত বাসগৃহত চুৰি কাণ্ড সংঘটিত হৈছে৷ যোৰহাটৰ চহৰৰ তৰাজান পুৰণা গায়ন গাওঁস্থিত বাসগৃহত নিশা চোৰে বহু মূল্যৱান সামগ্ৰী লৈ উধাও হৈছে৷
পৰিয়ালৰ লোকে জনোৱা মতে লতাশিল বিহু সন্মিললনৰ বিহু সম্ৰাজ্ঞী সন্মান লাভ কৰাৰ পিছতে পৰিয়ালৰ লোকে গুৱাহাটীৰ শতাব্দীক যোৰহাটলৈ নিবলৈ আহোতেই নিশা চোৰে এই চুৰি কাণ্ড সংঘটিত কৰে৷
লগতে পঢ়ক ‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
যোৰহাট আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালি কৰি চোৰে শতাব্দী কলিতাৰ বাসগৃহৰ তলা ভাঙি এখন চাইকেল , এটা LED টিভি, এলপিজি চিলিণ্ডাৰ এটা, কাহৰ বাতি ৪০টা, পিটলৰ টৌ এটা, পিতলৰ শৰাই ৭ খন, পিটলৰ লোটা এটা, কাহৰ লোটা এটা আৰু নগদ দুহাজাৰ টকা লৈ উধাও হৈছে।
ইতিমধ্যে এই চুৰিকাণ্ড সন্দৰ্ভত শতাব্দী কলিতাৰ পৰিয়ালে যোৰহাট সদৰ আৰক্ষী থানাত গোচৰ এজাহাৰ দাখিল কৰিছে৷ উক্ত এজাহাৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে৷
লগতে পঢ়ক পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?
ইফালে এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ একেলগে চোৰৰ দলটোৱে কঢ়িয়াই নিয়াকলৈও প্ৰশ্নৰ অৱতাৰণা হৈছে।
এই চুৰি কাণ্ডই বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা আৰু তেওঁৰ পৰিয়ালে মমাৰ্হত হোৱাৰ লগতে অতি শীঘ্ৰেই আৰক্ষীক চোৰৰ দলটোক কৰায়ত্ত কৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ