চৰকাৰী কৰ্মচাৰীৰ উপঢৌকন তথা ঘোচ গ্ৰহণ আদিৰ ক্ষেত্ৰত পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷
সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰী কৰ্মচাৰীয়ে কামৰ কৰি দিয়াৰ বিনিময়ত দৰমহা লাভ কৰে, গতিকে তেওঁলোকক উপঢৌকন আৰু ঘোচ দিয়াৰ পৰা বৰিত থাকিব লাগে৷
‘‘চৰকাৰী কৰ্মচাৰীয়ে আপোনালোকক ক’ব চাহ একাপ খোৱাওক৷ কিন্তু আপোনালোকে কিয় কৰ্মচাৰীক চাহ খুৱাব লাগে৷’’ মুখ্যমন্ত্ৰীয়ে কয়৷
লগতে পঢ়ক গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?
কৰ্মচাৰীসকলে দৰমহা পায়৷ কাম কৰাৰ বাবেই কৰ্মচাৰীক দৰমহাৰ দিয়া হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ‘‘আপোনালোকৰ কামৰ বাবেই তেওঁলোকক দৰমহা দি ৰখা হৈছে৷ গতিকে আপোনালোকেহে তেওঁলোকৰ পৰাহে একাপ চাহ খাওক৷’’
‘‘কোনোবাই ধন বিচাৰিলে লগে লগে প্ৰশ্ন কৰক৷ কিয় ধন দিব লাগে৷ কিয় ঘোচ দিব লাগে৷ চৰকাৰী চকীত বহি চৰকাৰী কাম কৰাটো তেওঁলোকৰ দায়িত্ব৷’’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰ কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ