বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া গ্ৰহসমূহে বিশেষ গোচৰ কৰে তেতিয়া তাৰ শুভ যোগ তৈয়াৰ হয়৷ যিয়ে ব্যক্তিজীৱন, সমাজ আৰু বিশ্বৰ ওপৰত প্ৰভাৱ পেলায়৷ এইবছৰ দীপাৱলি উপলক্ষে, ই এক অত্যন্ত শুভ যোগ তৈয়াৰ কৰিব৷ এই নৱপঞ্চম ৰাজযোগে তিনিটা ৰাশিৰ জাতকক প্ৰচুৰ সুখ আৰু সম্পদ আনি দিব৷
শক্তিশালী ৰাজযোগ তৈয়াৰ হ’ব
জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি ১৪ অক্টোবৰৰ সন্ধিয়া ৭.৩৪ মিনিটত, শুক্ৰ আৰু ইউৰেনাছ গ্ৰহই এটাই আনটোৰ ওপৰত ১২০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ যাৰ ফলত এই শুভ যোগ তৈয়াৰ হ’ব৷
এই ৩ ৰাশিৰ আৰম্ভ হ’ব সু-সময়
এই সময়ত ইউৰেনাছ বৃষ ৰাশিত আৰু শুক্ৰই কন্যা ৰাশিত অৱস্থান কৰিব৷ এই সংযোগ বহু ৰাশিৰ বাবে সৌভাগ্য আৰু বৰ্ধিত সম্পদৰ ইংগিত দিয়ে৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগৰ দ্বাৰা সকলোতকৈ বেছি প্ৰভাৱিত হ’ব?
মিথুন ৰাশি
নৱপঞ্চম ৰাজযোগত মিথুন ৰাশিৰ বাবে সকলোতকৈ সুসময় হ’ব৷ শুক্ৰই আপোনাৰ ৰাশিৰ চতুৰ্থ ঘৰত গমন কৰিব৷ যিয়ে আপোনাৰ পাৰিবাৰিক আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ ইংগিত দিয়ে৷ এই সময়কালত আপুনি এক নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷ দীৰ্ঘদিনৰ পাৰিবাৰিক বিৰোধৰ সমাধান হ’ব আৰু সম্পৰ্ক আৰু সুসংগত হ’ব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা পাব৷
সিংহ ৰাশি
এই ৰাজযোগ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষভাৱে উপকাৰী হ’ব৷ এই যোগ আপোনাৰ ৰাশিৰ সম্পদ আৰু বাণীৰ ঘৰত তৈয়াৰ হৈছে, যি অপ্ৰত্যাশিত আৰ্থিক লাভৱ সম্ভৱনা বঢ়াই তুলিব৷ আপুনি নতুন কেৰিয়াৰৰ সুযোগ, পদোন্নতি আৰু ব্যৱসায়িক বৃদ্ধি পাব পাৰে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব আৰু আপোনাৰ কথাবাৰ্তাই প্ৰভাৱ বিস্তাৰ কৰিব৷ এই সময়ত আপোনাৰ কথা মনোমুগ্ধকৰ হ’ব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হ’ব পাৰে৷ এই সময়কালত শুক্ৰই আপোনাৰ ৰাশিৰ অষ্টম ঘৰত গমন কৰিব৷ যিয়ে পৰিবৰ্তন আৰু লাভৰ ইংগিত দিয়ে৷ এই যোগে আপোনাৰ বাবে ভাগ্য কঢ়িয়াই আনিব৷ বিদেশ ভ্ৰমণ, নতুন চাকৰি বা পদোন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ীয়ে বিনিয়োগৰ পৰা নতুন সুযোগ লাভ কৰিব পাৰে৷ উচ্চ পদত থকা ব্যক্তিয়ে নেতৃত্বৰ ভূমিকা ল’ব৷ যানবাহন সম্পত্তি কিনাৰ বাবেও এই সময় অনুকূল হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















