ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা
প্ৰৱল বৃষ্টিপাতৰ বাবে এক ভয়ংকৰ খবৰ আহিছে। ধাৰাসাৰ বৰষুণৰ বাবে খহি পৰে এক নিৰ্মাণাধীন অট্টালিকা। যাৰ ফলত সেই খহি পৰা অট্টালিকাৰ ভিতৰত ১৭ গৰাকীকৈ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা ব্যক্ত কৰা হৈছে।
এই ভয়ংকৰ খবৰ আহিছে কৰ্নাটকৰ পৰা। বৰ্তমানে সন্ধানহীন শ্ৰমিক সকলৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতি। বাংগালুৰু পূৱৰ বাবু সাপল্যা অঞ্চলত মুষলধাৰ বৰষুণৰ মাজতে ভাঙি পৰিছে নিৰ্মাণৰত এটা অট্টালিকা।
১৭ জন শ্ৰমিক অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা। আৰক্ষীৰ মতে, দুৰ্ঘটনাটোৰ পিছত উদ্ধাৰকাৰী দলটোৰ লগতে জৰুৰীকালীন আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাম চলি আছে।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্ধিয়া ধাৰাসাৰ বৰষুণৰ মাজতে অট্টালিকাটো ভাঙি পৰে। ইয়াৰ মাজতে ১৭ জন শ্ৰমিক আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। অট্টালিকাটো ভাঙি পৰাত বিদ্যুতৰ তাঁৰ চিঙি পাছত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।
সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ বাংগালুৰুত বৰ্তমানে পানী জমা হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পানী জমা হোৱাৰ বাবে বহু পথ বন্ধ হৈ থকাৰ বাবে প্ৰশাসনে পথত নাও মুকলি কৰি মানুহক উদ্ধাৰ কৰিছে। বাংগালুৰুৰ বহু পথ আঁঠুলৈকে পানীৰে বুৰ গৈছে, যাৰ বাবে যাতায়ত আৰু চলাচল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে বাংগালুৰুত মুকলি মেনহ’লত পৰি এগৰাকী ৫৬ বছৰীয়া মহিলাৰো মৃত্যু হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙলবাৰে পুৱালৈকে বাংগালুৰু গ্ৰাম্য অঞ্চলত ১৭৬ মিলিমিটাৰলৈকে বৰষুণ হৈছে। আনহাতে বাংগালুৰু চহৰ অঞ্চলত ১৫৭ মিলিমিটাৰ বৰষুণ হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুৰ বিমান সেৱাও ক্ষতিগ্ৰস্ত হয়।
সোমবাৰে নিশা ২০খনতকৈও অধিক বিমান সেৱাত বিলম্ব ঘটে। ধাৰাসাৰ বৰষুণৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান আৰু দিল্লীৰ পৰা ইণ্ডিগোৰ চাৰিখন বিমান চেন্নাইলৈ ডাইভাৰ্ট কৰা হয়। ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ বাবে মহানগৰীৰ বিদ্যালয়সমূহো বৰ্তমানে বন্ধ ঘোষণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















