anupam-kher-to-riteish-deshmukh-reaction-on-operation-sindoor-indian-army-air-strike-
সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে। ভাৰতে পাকিস্তান আৰু PoK ৰ ৯ টা স্থানত বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত লস্কৰ আৰু জৈছৰ ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন সিন্দুৰ’। ভাৰতৰ এই বৃহৎ পদক্ষেপক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে। যেন জাগি উঠিছে ভাৰত।
ক্ৰিকেটৰ পৰা বলীউডলৈ বহু তাৰকাই ‘অপাৰেচন সিন্দুৰ’ক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জয় হিন্দৰ শ্লোগানো দিছে।

প্ৰবীণ খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগ, সুৰেশ ৰাইনা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ সূৰ্যবংশীকে ধৰি বহু ভাৰতীয় ক্ৰিকেটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।





বলীউডৰো প্ৰবীণ অভিনেতা অমিতাভ বচ্চন, অনুপম খেৰ, অক্ষয় কুমাৰ, ৰীতেশ দেশমুখ, পৰিচালক তথা সাহিত্যিক মধুৰ ভাণ্ডাৰকাৰ. অভিনেত্ৰী নিম্ৰিত কৌৰ আদিয়েও এক্স একাউণ্টত ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত টুইট কৰি লিখিছে, ভাৰত মাতা কি জয়!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















